অসমতেই পৰ্যাপ্ত মাত্ৰাত উপলব্ধ হৈ আছে পেট্ৰ’ল আৰু ডিজেলঃ আইঅ’চিএল

মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱৰ পিছতো সমগ্ৰ অসমতে পৰ্যাপ্ত মাত্ৰাত উপলব্ধ হৈ আছে পেট্ৰল আৰু ডিজেল৷ অসমৰ তেল উদ্যোগৰ ৰাজ্যিক পৰ্যায়ৰ সমন্বয়ক তথা ইণ্ডিয়ান অইল এঅ’ ডি, গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক আৰু ৰাজ্যিক মুৰব্বীয়ে এই বুলি প্ৰকাশ কৰিছে যে সমগ্ৰ অসমতে পেট্ৰ’ল [এমএছ], ডিজেল [এইচএছডি] আৰু লিকুইফাইড পেট্ৰলিয়াম গেছ [এলপিজি]কে ধৰি অত্যাৱশ্যকীয় পেট্ৰলিয়াম সামগ্ৰীৰ উপলব্ধতা স্বাভাৱিক তথা নিৰৱচ্ছিন্ন হৈ আছে৷

ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহ ক্ৰমে– ইণ্ডিয়ান অইল কৰ্প’ৰেছন লিমিটেড [আইঅ’চিএল], ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেছন লিমিটেড [বিপিচিএল] আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্প’ৰেছন লিমিটেড [এইচপিচিএল]এ ইন্ধনৰ যোগান ধৰা সকলো স্থানতে পৰ্যাপ্ত ইন্ধনৰ মজুত বজাই ৰাখিছে আৰু অঞ্চলটোৰ সামগ্ৰিক যোগানৰ অৱস্থা সুস্থিৰ অৱস্থাত আছে৷ টাৰ্মিনেল আৰু ডিপোৰ পৰা আৰম্ভ কৰি খুচুৰা বিপণীলৈকে সমগ্ৰ ইন্ধন যোগান শৃংখলটোৱে দক্ষতাৰে আৰু কোনো ধৰণৰ ব্যাঘাতৰ সন্মুখীন নোহোৱাকৈ কাম কৰি আছে৷ ইন্ধনৰ মজুতৰ বিষয়টো নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে আৰু ৰাজ্যখনৰ সকলো স্থানতে ইন্ধন পুনৰ ভৰ্তিকৰণৰ কাম-কাজ মসৃণভাৱে চলি আছে৷ ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰত এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু সমগ্ৰ ৰাজ্যতে ইয়াৰ যোগান স্বাভাৱিক হৈ আছে৷

সকলো গ্ৰাহকলৈ নিৰৱচ্ছিন্নভাৱে যোগান নিশ্চিত কৰিবলৈ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে৷ সমগ্ৰ অঞ্চলটোত ইন্ধনৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰিবলৈ লজিষ্টিক, মজুতৰ সৰবৰাহ আৰু খুচুৰা কাৰ্য্যকলাপৰ বিষয়ত তেল উদ্যোগে ঘনিষ্ঠ সমন্বয় বজাই ৰাখিছে৷ জনসাধাৰণক ইন্ধনৰ নিৰৱচ্ছিন্ন যোগানৰ বিষয়ত নিশ্চিত হৈ থাকিবলৈ আৰু স্বাভাৱিক ধৰণে ইন্ধনৰ ব্যৱহাৰ অব্যাহত ৰাখিবলৈ অনুৰোধ জনোৱাৰ লগতে আতংকিত হৈ ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ৩ান জনোৱা হৈছে৷ গ্ৰাহকসকলক ইন্ধনৰ উপলব্ধতা সম্পৰ্কে সঠিক তথা পৰীক্ষিত তথ্যৰ বাবে কেৱল তেল বিপণন কোম্পানীসমূহৰ বিভাগীয় তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷

Related Articles