প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি পালন কৰিলে হিমন্ত বিশ্ব শৰ্মায়ে। মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ মাত্ৰ এসপ্তাহ পিছতেই প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা জুবিনক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

জুবিনক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত শিল্পীগৰাকীৰ সমাধিস্থলত সেৱা জনোৱাৰ লগতে চলি থকা নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। এই সময়ত জুবিনক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সদস্যসকলৰ সৈতেও বিস্তৃত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিনক্ষেত্ৰ নিৰ্মাণৰ কাম হাতত লৈছে। প্ৰায় ৩ কোটি টকাৰ ব্যয়েৰে সমাধিক্ষেত্ৰৰ সীমাৰ দেৱাল নিৰ্মাণ কৰা হ’ব। লগতে পাহাৰৰ পৰা মাটি খহি আহি যাতে সমাধিক্ষেত্ৰৰ ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে বিশেষ সুৰক্ষামূলক ব্যৱস্থাও গ্ৰহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰিও জুবিন গাৰ্গৰ মূল সমাধি নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
জুবিনক্ষেত্ৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীয়ে কয়, “জুবিনক লৈ ৰাজনীতি হোৱাৰ বাবেই মই ইমানদিন সমাধিক্ষেত্ৰলৈ অহা নাছিলোঁ। ইয়াত জুবিনতকৈ ৰাজনীতিৰ আলোচনা বেছি হৈছিল। কিন্তু এই স্থানতে শেষকৃত্য সম্পন্ন কৰিবলৈ আমিয়েই ইয়াত উপস্থিত আছিলোঁ। জুবিন গাৰ্গৰ সমাধিৰ স্থান নিৰ্ধাৰণ কৰিবলৈ মই প্ৰায় ১৫বাৰ এই স্থানলৈ আহিছোঁ।”

লগতে তেওঁ ভৱিষ্যতেও প্ৰয়াত শিল্পীগৰাকীক কেন্দ্ৰ কৰি কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ সকলো পক্ষক আহ্বান জনায়।
উল্লেখযোগ্য যে, অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণ কৰা জুবিনক্ষেত্ৰক লৈ ৰাজ্যজুৰি বিশেষ আবেগ দেখা গৈছে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ আৰু ঘোষণাক বহুতে জুবিন অনুৰাগীৰ আবেগৰ প্ৰতি এক সন্মান হিচাপে বিবেচনা কৰিছে।

