বিলাসীপাৰা ছুপাৰ ওমেন গ্ৰুপৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা পালন

২২ মে’ তাৰিখ সন্ধিয়া বিলাসীপাৰা আখৰা মন্দিৰত বিলাসীপাৰা ছুপাৰ ওমেন গ্ৰুপৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো পালন কৰা হয়। ছুপাৰ ওমেন গ্ৰুপৰ সভানেত্ৰী বৰ্ণালী সাহা আৰু সম্পাদিকা ঝুমুৰ সাহাই গ্ৰুপৰ উদ্দেশ্য সন্দৰ্ভত কয় যে,মহিলা সকলক সাহসী, স্বাৱলম্বী হোৱাৰ বাবে তেওঁলোকক ৰান্ধনীশালাৰ পৰা উলিয়াই আনি নিজৰ প্ৰতিভা বিকাশৰ জৰিয়তে সমাজত পৰিচিত হোৱাৰ সুবিধা দিয়াই আমাৰ গ্ৰুপৰ লক্ষ্য আৰু উদ্দেশ্য।

তাৰোপৰি সমাজত উঠি অহা শিশু আৰু কিশোৰ-কিশোৰী সকলৰ খেল-ধেমালি,নৃত্য-গীত,চিত্ৰাংকণ প্ৰতিভা বিকাশত উৎসাহিত কৰি বঁটা প্ৰদানৰ জৰিয়তে আগুৱাই নিয়াৰো প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। চতুৰ্থ বৰ্ষ অতিক্ৰম কৰি পঞ্চম বৰ্ষত পদাপৰ্ণ কৰা উপলক্ষে প্ৰতিষ্ঠা দিৱসটো পালন কৰা হয়।প্ৰতিষ্ঠা দিৱসটোত অতিথি হিচাপে উপস্থিত থকা পতঞ্জলি যোগাসন প্ৰতিষ্ঠানটো যোগা প্ৰশিক্ষিকা ৰুবী দাস, তেৰাপন্থ ভৱন মহিলা সমিতিৰ সভানেত্ৰী উষাদেৱী সিংহী ,সম্পাদিকা ভাবনা শেঠীয়াকে আদি কৰি মহিলা সমাজ আৰু গ্ৰুপৰ বহুসংখ্যক গণ্যমান্য মহিলা উপস্থিত আছিল।

Related Articles