শিশুক কিমান প্ৰটিন, ফাইবাৰ আৰু কেলচিয়ামৰ প্ৰয়োজন জানেনে? প্ৰতিগৰাকী অভিভাৱকৰ এটা চিন্তা থাকে যে তেওঁলোকৰ সন্তানে সঠিকভাৱে খাদ্য গ্ৰহণ কৰিছেনে? কিছুমান শিশুৱে শাক-পাচলি খাবলৈ বেয়া পায়, আন কিছুমানে কেৱল চিপচ আৰু জলপান বিচাৰে। তদুপৰি ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেটত প্ৰ’টিন শ্বেক, চাপ্লিমেণ্ট, ছুপাৰফুড, আৰু স্বাস্থ্যকৰ জলপানৰ বিষয়ে ইমানেই চৰ্চা হৈছে যে শিশুৰ বাবে উপযুক্ত খাদ্য কোনটো বুজাটো কঠিন। কিন্তু সত্যটো হ’ল শিশুৰ পুষ্টিৰ প্ৰয়োজনীয়তা ইমান জটিল নহয়। তেওঁলোকক কেৱল সুষম খাদ্য, সঠিক পৰিমাণৰ পুষ্টিকৰ উপাদান আৰু নিয়মীয়া খাদ্যাভ্যাসৰ প্ৰয়োজন। ভাল খাদ্যই শিশুৰ উচ্চতা, ওজন, ৰোগ প্ৰতিৰোধ ক্ষমতা, মগজুৰ বিকাশ, একাগ্ৰতা আৰু শক্তিৰ মাত্ৰাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। এই কাৰণেই শৈশৱৰ পৰা উপযুক্ত পুষ্টি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।
ভাল পুষ্টিয়ে শৰীৰক শক্তিশালী কৰাই নহয়, শিশুৰ সামগ্ৰিক বৃদ্ধিতো প্ৰভাৱ পেলায়। উপযুক্ত খাদ্য খোৱা শিশুসকল প্ৰায়ে অধিক সক্ৰিয় হয়, কমকৈ অসুস্থ হয় আৰু পঢ়া-শুনাত ভালদৰে মনোনিৱেশ কৰিবলৈ সক্ষম হয়। কিন্তু দীৰ্ঘদিনীয়া খাদ্যৰ অভাৱত তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ ভৱিষ্যতে মেদবহুলতা, ডায়েবেটিছ বা দুৰ্বলতা আদি সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
শৰীৰৰ বৃদ্ধিৰ বাবে প্ৰটিন এক অতি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান। ই পেশী শক্তিশালী কৰাত সহায় কৰে, শৰীৰৰ কোষ গঠনত ভাল কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
বেছিভাগ শিশুৱে ঘৰতে ৰন্ধা স্বাভাৱিক খাদ্যৰ পৰা পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন লাভ কৰে। গাখীৰ, দৈ, মচুৰ দাইল, পনিৰ, কণী, বিন, চজিনা, মগু, কুকুৰা মাংস, মাছ, বাদাম আদি প্ৰটিনৰ ভাল উৎস।
বিশেষজ্ঞসকলৰ মতে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ শিশুক প্ৰটিন পাউদাৰ বা চাপ্লিমেণ্ট দিয়াৰ প্ৰয়োজন নাই। অত্যধিক প্ৰ’টিন সেৱনে বৃক্ক আৰু যকৃতত চাপ পেলাব পাৰে।
অভিভাৱকে প্ৰায়ে প্ৰটিনৰ ওপৰত গুৰুত্ব দিলেও ফাইবাৰক প্ৰায়ে উপেক্ষা কৰা হয়। ফাইবাৰে হজম শক্তি উন্নত কৰে, কোষ্ঠকাঠিন্য ৰোধ কৰে।
আপেল, কল, নাচপতি, ষ্ট্ৰবেৰী, অটচ, ব্ৰাউন ৰাইচ, তিয়হ, বিলাহী, মচুৰ দাইল, বীন, বাদাম আদি ফাইবাৰৰ ভাল উৎস। ঘৰতে বনোৱা শাক-পাচলিৰ পৰাঠা, মগু, ফল-মূল, আৰু অটমিল শিশুৰ খাদ্যত সহজে অন্তৰ্ভুক্ত কৰিব পাৰি।
কিন্তু ফাইবাৰৰ বৃদ্ধি কৰাৰ সময়ত পানীৰ পৰিমাণো বৃদ্ধি কৰিব লাগে, কিয়নো ফাইবাৰ সঠিক কাম কৰিবলৈ শৰীৰত পৰ্যাপ্ত পানীৰ প্ৰয়োজন হয়।
শিশুৰ বাবে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ
১/ কেলচিয়াম
শিশুৰ হাড় দ্ৰুতগতিত বৃদ্ধি পায়, গতিকে কেলচিয়াম অতি প্ৰয়োজনীয়। গাখীৰ, দৈ, পনিৰ, ৰাগী, টোফু আদি ভাল উৎস।
২/ ভিটামিন ডি
ই শৰীৰত কেলচিয়াম শোষণ কৰাত সহায় কৰে। সূৰ্যৰ পোহৰক সৰ্বোত্তম উৎস বুলি গণ্য কৰা হয়। কণী আৰু দুগ্ধজাত সামগ্ৰীও উপকাৰী।
৩/ আইৰণ
মগজুৰ বিকাশ আৰু শক্তিৰ বাবে আইৰণ অতি প্ৰয়োজনীয়। কচু, মচুৰ দাইল, কণী, খেজুৰ, মাংসত ভাল পৰিমাণৰ আইৰণ থাকে।
৪) ভিটামিন এ আৰু জিংক
চকু আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ভিটামিন এ অতি প্ৰয়োজনীয়, আনহাতে জিংকে শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে।
পানীও অত্যন্ত গুৰুত্বপূৰ্ণ:
কেৱল খাদ্য খোৱাৰ কথাই নহয়, পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ কথাও। পানী, গাখীৰ, মাখন, নাৰিকল পানী, আৰু ঘৰতে বনোৱা স্মুদি শিশুৰ বাবে ভাল পছন্দ।

