ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ শ দিলীপ শইকীয়াই শুকুৰবাৰে দৰং জিলাৰ District Development Coordination and Monitoring Committee (DISHA)-ৰ এখন গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকে। বৈঠকত জিলাখনৰ উন্নয়নৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন বিভাগত চলি থকা আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ আলোচনা কৰে।
সভাৰ অন্তত সাংবাদিক সৈতে মুখামুখি অনুষ্ঠানত এক প্ৰশ্নৰ উত্তৰত সাংসদ দিলীপ শইকীয়াই মুখ্য মন্ত্ৰীয়ে ৰাজ্যৰ ঠিকাদাৰক সকলক লৈ কৰা মন্তব্যৰ বিষয়ে কয় যে ধৰ্মৰ ভিত্তিত নহয়,অসমৰ সুখ দুখৰ লগত যাৰ আবেগ অনুভূতি নাই তেনেকুৱা মানুহক ধনী কৰাত আপত্তি আছে।তেনে মানুহে অসমত ক’ৰবাত নহয় ক’ৰবাত ক্ষতি কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। অৰাষ্ট্ৰীয়বাদী চিন্তা ধাৰাৰ ব্যক্তিক ঠিকা দিয়াত মুখ্য মন্ত্ৰীয়ে বাধা কৰা কাৰ্যক একেমুখে সন্মতি প্ৰদান কৰে দিলীপ শইকীয়াই। আনহাতে নৱনিৰ্বাচিত বিধায়ক সকলক প্ৰতিতো মূহুৰ্ততে ৰাইজৰ মাজত থাকিবলৈ পৰামৰ্শ দিয়ে ৰাজ্যিক সভাপতি গৰাকীয়ে। মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত অহা ৫ জুনৰ পিছতহে হ’ব বুলিও মন্তব্য কৰে।
UCC বলবৎ হোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই দিলীপ শইকীয়াই কয়।
মুছলমান মহিলা সকলক এই আইন খনে বিশেষ ভাৱে সুৰক্ষা আৰু মৰ্যাদা দিব। বৈঠকত মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়িকা নিলীমা দেৱী, দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, দৰং জিলা আয়ুক্ত আয়ুশি জৈন, দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিভিন্ন স্তৰৰ নিৰ্বাচিত প্ৰতিনিধি আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

