যাত্ৰীসকলে সকলো সুবিধা পাইছে নে ?

গুৱাহাটী মহানগৰীৰ চিটী বাছক লৈ এশ-এবুৰি অভিযোগ আছে৷ কোনোবাখনৰ যদি অৱস্থা বেয়া, কোনোবাখনত আকৌ পৰিবহণ বিভাগৰ নীতি-নিয়মসমূহ সঠিকভাৱে পালন কৰা হোৱা নাই৷ গুৱাহাটীৰ চিটী বাছে একোটা ষ্টপেজত এক মিনিট সময় ৰ’ব লাগে যদিও সেই এক মিনিটৰ ঠাইত কোনো কোনো ষ্টপেজত ৰোৱাৰ সময়ত ১৫-২০ মিনিট পৰ্যন্ত হয়৷ বহু সময়ত চিটী বাছৰ বাবে গুৱাহাটী মহানগৰীত ব্যাপত যান-জঁটৰ সৃষ্টি হয় বুলি বহুতে অভিযোগ কৰে৷ সেয়ে চিটী বাছ তথা গ্ৰীণ বাছৰ দৌৰাত্ম্য ৰোধৰ বাবে এইবাৰ এক্সন মুডত পৰিবহন মন্ত্ৰী চৰণ বড়ো৷

মহানগৰীত গ্ৰীণ বাছৰ দৌৰাত্ম্য আৰু গ্ৰীণ বাছৰ বাবে উদ্ভৱ হোৱা যান-জঁটৰ সমস্যাৰ সন্দৰ্ভত বুজ ল’বলৈ এইবাৰ নিজেই ৰাজপথত নামিল পৰিবহণ মন্ত্ৰী৷ বহু অভিযোগৰ মাজতে শুকুৰবাৰে হঠাতে গুৱাহাটীৰ চিটী বাছত তালাচী চলালে ৰাজ্যৰ নৱ-নিযুক্ত পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে৷ চিটী বাছত উঠি মন্ত্ৰী বড়োৱে যাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়৷ শুকুৰবাৰে গ্ৰীণ বাছত গণেশগুৰিৰ পৰা খানাপাৰালৈ ভ্ৰমণ কৰিলে পৰিবহণ মন্ত্ৰীগৰাকীয়ে৷ যাত্ৰী আৰু চালকৰ পৰা বুজ ল’লে পৰিবহণ ব্যৱস্থাৰ৷ মন্ত্ৰী বড়োৱে সংবাদ মাধ্যমৰ আগত কয়, ‘যাত্ৰীৰ আপত্তি আছিল মহানগৰীত গ্ৰীণ বাছে বহু যান-জঁটৰ সৃষ্টি কৰিছে৷ একেলগে প্ত-৬খন গাড়ী পাৰ্কিং কৰে৷ তেতিয়া বাকী গাড়ীবোৰ অহা-যোৱাত অসুবিধা হয়৷

সেই আপত্তিবোৰ শুনাৰ পিছত মই কথা দিছিলো যে সমস্যাটোৰ সমাধান কৰাৰ৷’ তেওঁ লগতে কয়, ‘গুৱাহাটীত যিখিনি গ্ৰীণ বাছ চলে সেইখিন যিহেতু আমাৰ চৰকাৰী বাছ সেয়ে আমি ঠিক কৰিব লাগিব৷ অধিক সময় বাছ আস্থানবোৰত ৰাখে৷ অভাৰটেক কৰি যাব বিচাৰে৷ সেয়েহে কেনেকৈ নিয়াৰিকৈ বাছবোৰ চলাব পাৰো তাক চাব আহিছো৷ যান-বাহন চলাচলৰ নিয়মবোৰ সকলোৱে মানিব লাগিব৷ চিটী বাছ বা গ্ৰীণ বাছে মাত্ৰ ১০জন যাত্ৰীকহে থিয় কৰাই নিব পাৰিব৷ স্মাৰ্ট মেনেজমেণ্টৰ জৰিয়তে চলাবলৈ চেষ্টা কৰিম৷’ এনেদৰে এগৰাকী মন্ত্ৰীয়ে নিজেই ৰাজপথলৈ ওলাই আহি যাত্ৰীৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ কথাক বহুতে প্ৰশংসা কৰা দেখা গৈছে৷

Related Articles