আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলি উঠিল অসমৰ নাম। ইণ্ডোনেছিয়াৰ জাকাৰ্তাত অনুষ্ঠিত ২৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰ’লাৰ স্কেটিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ উদীয়মান যুৱক ৰিয়ান পাত্ৰই। ২৯ মে’ৰ পৰা ৩১ মে’লৈকে ইণ্ডোনেছিয়াৰ জাকাৰ্তাত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল বহুকেইখন দেশৰ প্ৰতিযোগীয়ে।

ইয়াৰ মাজতে ‘অ’পেন ৰিলে ১২০০ মিটাৰ কোৱাডছ মেন জুনিয়ৰ’ শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক আঁজুৰি আনে ৰিয়ানে। উল্লেখ্য যে, নৱজ্যোতি পাত্ৰ আৰু ৰঞ্জিতা চেতিয়া পাত্ৰৰ পুত্ৰ ৰিয়ানৰ এই সাফল্যত এতিয়া আনন্দিত সমগ্ৰ ৰাজ্যবাসী। তেওঁ ডিব্ৰুগড়ৰ বানিপুৰ ৰ’লাৰ স্প’ৰ্টছ একাডেমীৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
উল্লেখযোগ্য যে স্বপ্নাজ্যোতি গোহাঁইৰ তত্ত্বাৱধানত তথা পৰিচালনাত চলি অহা এই একাডেমীখনৰ প্ৰশিক্ষক বেদ প্ৰকাশ শৰ্মাই ৰিয়ানক প্ৰদান কৰিছিল বিশেষ প্ৰশিক্ষণ। আজি ড০ ভূপেন হাজৰিকা বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰিয়ান পাত্ৰক উষ্ম আদৰণি জনায় শুভাকাংশীসকলে। ক্ৰীড়া জগতত ৰিয়ানৰ এই প্ৰাপ্তিয়ে অনাগত দিনত আন বহু প্ৰতিভাৱান খেলুৱৈক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।

