চৰকাৰী নিৰাপত্তা নালাগে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু পত্নী ৰাবড়ী দেৱীক৷ এনে সিদ্ধান্তৰ পিছতে চৰকাৰে প্ৰদান কৰা নিৰাপত্তাৰক্ষীক ত্যাগ কৰিলে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু পত্নী ৰাবড়ী দেৱীয়ে৷ দুয়োগৰাকীৰে জেড প্লাছ’ পৰ্যায়ৰ নিৰাপত্তা চৰকাৰে বাতিল কৰাৰ পিছতে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বাতিল কৰাৰ লগে লগে বিহাৰৰ ৰাজনীতিতো তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷
উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্য চৰকাৰে তেওঁলোকক প্ৰদান কৰা ‘জেড প্লাছ’ পৰ্যায়ৰ নিৰাপত্তা বাতিল কৰি সেই স্থানত সাধাৰণ নিৰাপত্তা প্ৰদান কৰিছিল৷ কিন্তু শনিবাৰে লালুপ্ৰসাদ আৰু ৰাবড়ী দেৱীয়ে নিয়োজিত নিৰাপত্তাৰক্ষীসকলক ঘূৰাই পঠিয়ায়৷ ইয়াৰ পিছতে চৰকাৰৰ পদক্ষেপত অসন্তুষ্ট হৈ পৰিছে আৰজেডি৷ দুয়োগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্ত সন্দৰ্ভত আৰজেডিৰ মুখপাত্ৰ শক্তি সিং যাদৱে ই-টি ভি ভাৰতক কয়, ‘ৰাবড়ী দেৱী আৰু লালুপ্ৰসাদে লোৱা সিদ্ধান্তটো সাহসী সিদ্ধান্ত৷ তেওঁ আৰু লালুপ্ৰসাদে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ বাবে নিয়োজিত কৰা সকলো আৰক্ষী জোৱানক ঘূৰাই পঠিয়াইছে ৷
বৃহস্পতিবাৰে এনডিএ চৰকাৰে তেওঁলোকৰ লগতে পৰিয়ালৰ সদস্যসকলক অপমানৰ প্ৰচেষ্টা হিচাপে তেওঁলোকৰ নিৰাপত্তা হ্ৰাস কৰিছিল৷’ ২০২৫ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ৰ.৯০ কোটি ভোটাৰে লালু, ৰাবড়ী আৰু আৰজেডিৰ ওপৰত বিশ্বাস ৰখাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘তাৰ পিছতো চৰকাৰে নিৰাপত্তাৰ ক্ষেত্ৰত ৰাইজৰ সন্মুখত তেওঁলোকৰ ওপৰত বুলড’জাৰ চলাবলৈ চেষ্টা চলাইছে৷’

