প্ৰকৃত পৰিচয় লুকুৱাই হিন্দু যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ অপচেষ্টা…

নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই যুৱতীক প্ৰেমৰ ফান্দত পেলোৱাৰ অপচেষ্টা কৰা এক যুৱকক স্থানীয় লোকে কৰায়ত্ব কৰি গটাই দিয়ে তেজপুৰ আৰক্ষীক৷ উল্লেখযোগ্য যে, বিশ্বনাথৰ যুৱক জয়নাল আলীয়ে নিজকে জয় নামেৰে পৰিচয় দি তেজপুৰৰ এটা পৰিয়ালৰ ঘৰত ভাড়াতীয়া হিচাপে থকা এগৰাকী হিন্দু যুৱতীৰে বলপূৰ্বক প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ অপচেষ্টা চলোৱা বুলি অভিযোগ উঠিছে৷

এখন মহাবিদ্যালয়ৰ ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ মানি নল’লে প্ৰাণে মৰাৰ ভাবুকি দিয়ে৷ এনে অৱস্থাত যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় একাংশ লোকে যুৱকজনক কৰায়ত্ব কৰি সোধপোছ কৰাত যুৱকজনে নিজৰ প্ৰকৃত নাম জয়নাল আলী বুলি প্ৰকাশ কৰে৷

আনহাতে, দুয়োকে ৰাইজে তেজপুৰ আৰক্ষীক গটাই দিয়ে৷ আৰক্ষীয়ে যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে৷ ইপিনে যুৱতী গৰাকীয়ে ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ এই ঘটনাটো সংঘটিত হৈছে তেজপুৰৰ ৰবৰবাগানৰ অঞ্চলত ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে৷

Related Articles