হোজাই আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ । Pijush Hazarika

Pijush Hazarika । ৰাজ্যখনত প্ৰয়োজনীয় খাদ্যসামগ্ৰী নিজেই উৎপাদন কৰাৰ লক্ষ্যৰে সকলোৱে কাম কৰিব লাগিব : মন্ত্ৰী হাজৰীকা

নগাঁৱৰ কঠিয়াতলীত নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন মন্ত্ৰী হাজৰীকাৰ

অসম চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি হোজাই আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে।

মন্ত্ৰীগৰাকীয়ে প্ৰথমে হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়িত হৈ থকা উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ পাছত তেওঁ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপেও আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰি এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে।

দুয়োখন জিলাতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অভিভাৱক মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA), মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানকে ধৰি কৃষি, স্বাস্থ্য, লোকনিৰ্মাণ, জলসিঞ্চন আদি বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনি আৰু কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মন্ত্ৰী হাজৰীকাই জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থত চৰকাৰী আঁচনিসমূহ আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক আহ্বান জনায়।

তেওঁ জিলাখনৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানত সৰ্বোচ্চ পৰ্যায়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ স্বাস্থ্য বিভাগক বিশেষ নিৰ্দেশনা প্ৰদান কৰে। লগতে উন্নয়নমূলক কাম-কাজ অধিক ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াৰ বাবে বিভাগসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত তেঁও গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰী হাজৰীকাই কয় যে হোজাই আৰু নগাঁও জিলাৰ সামগ্ৰিক বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিবলৈ সকলো পক্ষই একেলগে কাম কৰিব লাগিব। প্ৰতিখন জিলাকে শক্তিশালী, উন্নত আৰু সমৃদ্ধিশালী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, এইবাৰ কৃষি বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় খাদ্যসামগ্ৰীসমূহ অসমতেই উৎপাদন কৰাৰ ক্ষেত্ৰত সকলো সংশ্লিষ্ট বিভাগে সমন্বিতভাৱে কাম কৰিব লাগিব। এই ক্ষেত্ৰত প্ৰতিটো বিভাগক নিজৰ দায়িত্ব আন্তৰিকতাৰে পালন কৰিবলৈ তেওঁ আহ্বান জনায়।

ইফালে, পুৱাৰ ভাগত মন্ত্ৰী হাজৰীকাই নগাঁও জিলাৰ কঠিয়াতলীস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে। অসম সৰ্বশিক্ষা অভিযানৰ অধীনত নিৰ্মিত এই নতুন ভৱনটোৱে শিক্ষাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত শিক্ষণ-অনুকূল পৰিৱেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

আজি মন্ত্ৰীগৰাকীৰ জিলা দুখন ভ্ৰমণৰ সময়ত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে দুয়োখন জিলাৰ অন্তৰ্গত বিধায়কসকল আৰু সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

উল্লেখ্য যে মন্ত্ৰী পীযুষ হাজৰীকাই নগাঁও আৰু হোজাই জিলাৰ উপৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰো অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে।

Related Articles