বিশ্বত সম্পদৰ অভাৱ হোৱা নাই, বিশ্বাসৰহে নাটনি

ভাৰতৰ সামগ্ৰীৰ ওপৰত অত্যধিক কৰ আৰোপ কৰাক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত শীতল যুঁজ এখন চলি আছে৷ ইয়াৰ মাজতে জি-৭ সন্মিলনত মুখামুখি হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ড’নাল্ড ট্ৰাম্প৷ ফ্ৰান্সত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প মুখামুখি হোৱাৰ কথাই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ পূৰ্বৰ দৰে সাবটি ধৰাৰ পৰিৱৰ্তে এইবাৰ দুয়োগৰাকী নেতাৰ মাজত কেৱল এটা আনুষ্ঠানিক কৰমৰ্দনহে দেখিবলৈ পোৱা গ’ল৷ আনকি সমূহীয়া ছবি সংগ্ৰহৰ সময়তো দুয়োৰে মাজত কোনো চকুৰ যোগাযোগ বা শুভেচ্ছা বিনিময় হোৱা নাছিল৷ এই কথাই স্পষ্ট কৰি দিছে যে বৰ্তমান সময়ত ভাৰত আৰু আমেৰিকাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত কিছু শীতলতা আহি পৰিছে৷

বিগত কিছু মাহত দুয়োখন দেশৰ মাজৰ সম্পৰ্কত কেইবাটাও কাৰণত আউল লাগিছে৷ আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা চৰা শুল্ক, প্ৰব্ৰজন নীতিৰ কঠোৰতা আৰু ইয়াৰ ফলত ভাৰতীয় ছাত্ৰ তথা শ্ৰমিকসকলৰ হোৱা অসুবিধা আদি এইক্ষেত্ৰত উল্লেখযোগ্য৷ ইয়াৰ উপৰি শেহতীয়াকৈ ওমান উপসাগৰত আমেৰিকাৰ আক্ৰমণত তিনিগৰাকী ভাৰতীয় নাৱিকৰ মৃত্যুৰ ঘটনাই সম্পৰ্কটোক অধিক জটিল কৰি তুলিছে৷ জি-৭ সন্মিলনৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদীয়ে কোনো দেশৰ নাম নোলোৱাকৈ উল্লেখ কৰে যে বৰ্তমান বিশ্বত সম্পদৰ অভাৱ হোৱা নাই, বৰঞ্চ বিশ্বাসৰহে নাটনি হৈছে৷

তেওঁ সাগৰীয় পথসমূহৰ সুৰক্ষা আৰু নাৱিকসকলৰ জীৱনৰ নিৰাপত্তাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে৷ প্ৰতিৰক্ষা আৰু অৰ্থনৈতিক দিশতো দুয়োখন দেশৰ মাজত কিছু মতানৈক্য দেখা গৈছে৷ আমেৰিকাৰ বিমান প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে ভাৰতীয় যুঁজাৰু বিমানৰ বাবে ইঞ্জিন যোগান ধৰাত কৰা পলমে ভাৰতক চিন্তিত কৰি তুলিছে৷ ইয়াৰ মাজতে আমেৰিকাই তেওঁলোকৰ সামৰিক কমাণ্ডৰ নামৰ পৰা ভাৰত মহাসাগৰীয় অংশটো বাদ দিয়া আৰু বিতৰ্কিত মানচিত্ৰ প্ৰকাশ কৰা কাৰ্যই এই দূৰত্ব বৃদ্ধি কৰিছে৷ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে অলপতে সামাজিক মাধ্যমত মোদীক আটাইতকৈ দীৰ্ঘদিনীয়া আৰু এজন মহান প্ৰধানমন্ত্ৰী হিচাপে অভিহিত কৰি অভিনন্দন জনাইছিল৷

Related Articles