অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি লাওঁপানী মধ্য ইংৰাজী বিদ্যালয়ত সম্প্ৰীতি ভোজন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ দাতা আছিল ২৯ নং কমাৰগাঁও তিৱা স্বায়ত্ত পৰিষদৰ সদস্য অজিত পাটৰ। নিজে উপস্থিত থাকি অজিত পাটৰে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে দিনৰ ভাত গ্ৰহণ কৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
অনুষ্ঠানত উপস্থিত আছিল লাওঁপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ননি গোপাল বৰুৱা, লাওঁপানী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অনুপ শইকীয়াৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল।
ইয়াৰ উপৰিও ভাৰতীয় জানতা পাৰ্টিৰ কমাৰগাঁও মণ্ডলৰ সভাপতি ভাস্কৰ পাটৰ ,কমাৰগাঁও পঞ্চায়তৰ সভানেত্রী সুপ্ৰীয়া বৈষ্ণৱ ৰায়, কমাৰগাঁও পঞ্চায়তৰ লাওঁপানী ৭ নং ৱাৰ্ডৰ সদস্য ধুৰ্ব ৰংহাং আৰু কমাৰগাঁও ৫ নং ৱাৰ্ডৰ সদস্য সাউন সিং পাটৰ উপস্থিত থাকি কাৰ্যসূচী সাৰ্থক কৰে। অজিত পাটৰে অনুষ্ঠানত আবেগিক হৈ পৰে কিয়নো তেওঁ নিজে লাওঁপানী মধ্য ইংৰাজী বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ। অতীতৰ স্মৃতিৰে আপ্লুত হৈ তেওঁ প্ৰতিজন শিক্ষাগুৰুক ফুলাম গামোচা প্ৰদান কৰি ভৰি চুই আশীৰ্বাদ গ্ৰহণ কৰে।
এই কাৰ্যসূচীয়ে বিদ্যালয়খনত শিক্ষক-ছাত্ৰ আৰু সমাজৰ মাজত সুসম্পৰ্কৰ লগতে শ্ৰদ্ধাৰ এক সুন্দৰ দৃষ্টান্ত স্থাপন কৰি অজিত পাটৰে মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।

