বিজনীত ৰে’লৰ খুন্দাত নিহত অসম আন্দোলনৰ সক্ৰিয় নেতা।
নিহত লোকজন অসম উন্নতি সভাৰ চিৰাং জিলা সমিতিৰ সভাপতি, অসম আন্দোলনৰ সক্ৰিয় নেতা তথা প্ৰাক্তন শিক্ষক ভৱানী প্ৰসাদ ৰায়।
বিজনী চহৰৰ ৰে’লৱে লেভেল ক্ৰচিং পাৰ হৈ থকা অৱস্থাত উজনিমুৱা ৰে’লগাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হয় লোকজন।
বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ ততাতৈয়াকৈ আহত ভৱানী প্ৰসাদ ৰায়ক নিয়া হয় যদিও মৃত বুলি ঘোষণা চিকিৎসকৰ।
বিজনীৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ভৱানী প্ৰসাদ ৰায়ৰ বিয়োগত শোকৰ ছাঁ।

