মহাৰাষ্ট্ৰ পেন্চাক চিলাট এছ’চিয়েশ্বনৰ উদ্যোগত ২৫ৰ পৰা ২৮ জুনলৈকে মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় নিয়’ৰ পেন্চাক ১৭বৰ্ষ অনুৰ্ধ পেন্চাক চিলাট প্ৰতিযোগিতা। ২০২৬ত অসমে দুটা সোণৰ, এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে মুঠ পাঁচটা পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।
দেশৰ ৩৫ খন ৰাজ্যৰ প্ৰায় ১৫০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগীতাখনত অসম দলটিৰ নেতৃত্ব দিয়ে পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলে।
উল্লেখ্য যে ৰাষ্ট্ৰীয় বিছাৰক ঔম চেত্ৰী আৰু সত্যনাথ বড়োৱে প্ৰতিযোগীতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে। ৰাজখনৰহৈ ধেমাজী জিলাৰ লোহিতা পেগুৱে সোনৰ, ভৱকান্ত চুংক্ৰাঙ আৰু হেমী মেদকে ৰূপৰ পদক, ডিব্ৰুগড় জিলাৰ প্ৰিঞ্চ ভগতে সোনৰ পদক, মাজুলী জিলাৰ অঙ্কিত সেনাপতিয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

