Guwahati । জালনোট সৰবৰাহকাৰীৰ বাবে যেন নতুন ঘাটিত পৰিণত হৈছে গুৱাহাটী মহানগৰী। এটাৰ পিছত আনটো অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰি আছে বৃহৎ পৰিমাণৰ জালনোট। বুধবাৰে নিশা মহানগৰীৰ মালিগাঁও আৰু ছয়মাইলত চলোৱা পৃথক পৃথক অভিযানত পুনৰ বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰাৰ লগতে চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

মালিগাঁওৰ কামাখ্যা ৰে’ল জংচনত চলোৱা অভিযানত আৰক্ষীয়ে ৭ লাখ ৩৭ হাজাৰ টকাৰ জালনোট জব্দ কৰে। এই ঘটনাত বহিঃৰাজ্যৰ দুজন অভিযুক্ত—দয়াল দাস আৰু গোলাব শ্বেখক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা মতে, দুয়োজনে জালনোটখিনি ঝাৰখণ্ডলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল।

ইফালে, মহানগৰীৰ ছয়মাইল অঞ্চলতো দিছপুৰ আৰক্ষীয়ে এখন বাহনত তালাচী চলাই ২ লাখ ৫৬ হাজাৰ টকাৰ জালনোট উদ্ধাৰ কৰে। এই ঘটনাত দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত দুয়োজনৰ ঘৰ ধেমাজি জিলাৰ চিলাপথাৰৰ দেউৰীগাঁৱত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে পাঞ্জাবাৰী অঞ্চলতো দিছপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত ১৩ লাখ টকা মূল্যৰ জালনোট জব্দ কৰিছিল। উত্তৰ প্ৰদেশত পঞ্জীয়নভুক্ত এখন বাহনৰ পৰা জব্দ কৰা এই জালনোটৰ সৈতে তিনিজন সৰবৰাহকাৰীকো আটক কৰা হৈছিল। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্ত দলটো উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা গুৱাহাটীলৈ আহিছিল। অভিযানত জালনোটৰ লগতে ব্যৱহৃত বাহনখনো জব্দ কৰা হয়।
দুদিনৰ ভিতৰতে মহানগৰীৰ বিভিন্ন স্থানত চলোৱা অভিযানত মুঠ প্ৰায় ২৩ লাখ টকাৰ জালনোট জব্দ হোৱাত গুৱাহাটী জালনোট সৰবৰাহৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ হোৱাৰ আশংকা অধিক তীব্ৰ হৈছে। ঘটনাসমূহৰ পিছত আৰক্ষীয়ে জালনোট সৰবৰাহ চক্ৰৰ সৈতে জড়িত বৃহৎ নেটৱৰ্ক উন্মোচনৰ লক্ষ্যৰে তদন্ত অধিক তীব্ৰ কৰি তুলিছে।

