নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয়

PAN । নাগৰিকত্ব সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে তাৎপৰ্যপূৰ্ণ ৰায় প্ৰদান কৰিছে। বিদেশী ন্যায়াধীকৰণে এগৰাকী ব্যক্তিক বিদেশী ঘোষণা কৰা ৰায়ৰ বিৰুদ্ধে দাখিল কৰা এক আবেদনৰ শুনানিৰ সময়ত আদালতে স্পষ্ট কৰি দিয়ে যে PAN কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ বা কম্পিউটাৰ প্ৰিণ্ট কৰা NRC শ্লিপক নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি।

উচ্চ ন্যায়ালয়ে ৰায়ত কয় যে, কম্পিউটাৰ প্ৰিণ্ট কৰা NRC শ্লিপ বৈধ প্ৰমাণ হিচাপে গ্ৰহণযোগ্য হ’বলৈ ১৮৭২ চনৰ ভাৰতীয় সাক্ষ্য আইন (Indian Evidence Act)-ৰ ৬৫B ধাৰা অনুসৰি প্ৰয়োজনীয় প্ৰমাণপত্ৰ (Certificate) দাখিল কৰাটো বাধ্যতামূলক। এই ধাৰা অনুসৰি প্ৰমাণপত্ৰ নথকা অৱস্থাত এনে নথিয়ে নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰে।

আদালতে আৰু স্পষ্ট কৰে যে, PAN কাৰ্ড বা ভোটাৰ পৰিচয় পত্ৰ পৰিচয় বা অন্য প্ৰশাসনিক উদ্দেশ্যৰ নথি হ’ব পাৰে যদিও, এইসমূহ নাগৰিকত্বৰ স্বতন্ত্ৰ আইনী প্ৰমাণপত্ৰ নহয়।

ৰায়ত উচ্চ ন্যায়ালয়ে নাগৰিকত্ব প্ৰমাণৰ ক্ষেত্ৰত সঠিক বংশবৃক্ষ (Family Tree) আৰু পূৰ্বপুৰুষৰ সৈতে আইনগত সম্পৰ্ক প্ৰমাণ কৰিব পৰা বিশ্বাসযোগ্য নথি দাখিলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। যদি বংশবৃক্ষত কোনো বিচ্ছিন্নতা বা অসামঞ্জস্য থাকে, তেন্তে সেই অসামঞ্জস্যৰো সন্তোষজনক আৰু নিৰ্ভৰযোগ্য ব্যাখ্যা তথা প্ৰমাণ আদালতৰ সন্মুখত দাখিল কৰিব লাগিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিদেশী ন্যায়াধীকৰণে এগৰাকী ব্যক্তিক বিদেশী ঘোষণা কৰা ৰায়ৰ বিৰুদ্ধে দাখিল কৰা এক আবেদনৰ শুনানিৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়ায়। এই ৰায়ে নাগৰিকত্ব সম্পৰ্কীয় গোচৰসমূহত নথিপত্ৰৰ গ্ৰহণযোগ্যতা আৰু বংশগত সম্পৰ্কৰ প্ৰমাণৰ ক্ষেত্ৰত এক তাৎপৰ্যপূৰ্ণ আইনী দিশ নিৰ্ধাৰণ কৰিলে।

Related Articles