নলবাৰীৰ দৌলাশালত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিৎ সিংঃ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ত অসমৰ প্ৰথমটো ড্ৰাগছ ধ্বংসকাৰী অত্যাধুনিক যন্ত্ৰ স্থাপন

নলবাৰী জিলাৰ দৌলাশালত দেওবাৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিৎ সিং উপস্থিত হয় ৷ দৌলাশাস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়ত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকী । সঞ্চালকপ্ৰধানগৰাকী উপস্থিত হোৱাৰ লগে-লগে বাহিনীৰ জোৱানসকলে “গাৰ্ড অব অনাৰ” সন্মান প্ৰদান কৰে । অসম চৰকাৰে চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয় চৌহদত স্থাপন কৰা অসমৰ প্ৰথমটো অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ড্ৰাগছ ধ্বংস কৰা যন্ত্ৰটো পৰিদৰ্শন কৰাৰ উদ্দেশ্যৰে দৌলাশালত উপস্থিত হয় অসম আৰক্ষীৰ ডিজিপি হৰমিৎ সিং ৷ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত অসমত প্ৰথমবাৰৰ বাবে স্থাপন কৰা যন্ত্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

অহা ১২ জুলাইত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰযোগে দৌলাশালত উপস্থিত হৈ যন্ত্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷ অসমৰ কেইবাখনো জিলাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰি ৰখা ড্ৰাগছসমূহ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সিদিনাই অত্যাধুনিক যন্ত্ৰটোৰ বুটাম টিপি ধ্বংস কৰিব ৷ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিৎ সিঙক পৰিদৰ্শনকালত সংগ দিয়ে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা, অপৰাধ অনুসন্ধান শাখাৰ মহাপৰিদৰ্শক সংযুক্তা পৰাশৰ, অপৰাধ অনুসন্ধান শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আচিফ আহমেদ, নলবাৰী জিলাৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, নলবাৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস,দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিৰণ্য বৰ্মণ, বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ৷

ডিজিপি হৰমিৎ সিঙৰ পৰিদৰ্শন কালত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাইও সংগ দিয়ে ৷ ডি.জি.পি হৰমিৎ সিঙে দৌলাশালত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যোৱা কিছুবছৰৰ পৰা অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ চলাই আছে আৰু এই যুদ্ধত সফলতা লাভ কৰিছে ৷ আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছসমূহ প্ৰতিবছৰে ধ্বংস কৰিব লাগে ৷

জব্দকৃত ড্ৰাগছসমূহ এই সপ্তাহৰ ভিতৰত ধ্বংস কৰিবলৈ আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা নিৰ্দেশনা লাভ কৰিছোঁ ৷ কিছুদিনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে দৌলাশাললৈ আহি ৰাজ্যখনৰ কেইবাখনো জিলাত জব্দকৃত ড্ৰাগছসমূহ ধ্বংস কৰিব ৷ নিচামুক্ত ভাৰত গঢ়াৰ যি পৰিকল্পনা সেই দিশে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগবাঢ়িছোঁ বুলিও কয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিৎ সিঙে ৷

Related Articles