আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল আৰু ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সহযোগত গংগাপুৰ কাণ্ডৰ লাভ জেহাদৰ বলি প্ৰয়াত মৃদুমুদ্ৰা ডেকালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

নলবাৰী জিলাৰ গংগাপুৰত যোৱা ৩১ মে’ৰ সন্ধিয়া লাভ জেহাদীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মেধাৱী ছাত্ৰী মৃদুমুদ্ৰা ডেকা।আনহাতে,নিজৰ সম্পৰ্কীয় ভনীয়েকক ৰক্ষা কৰিবলৈ গৈ থিতাতে নিহত হৈছিল আছু নেতা মাধুৰ্য বৰ্মণ নামৰ ছাত্ৰজন। আজি ৯ জুলাই বৃহস্পতিবাৰে আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল আৰু ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সহযোগত প্ৰয়াত মৃদুমুদ্ৰা ডেকালৈ গংগাপুৰস্থিত নিজ বাসগৃহত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

অনুষ্ঠানটিত প্ৰয়াত মৃদুমুদ্ৰা ডেকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে কুমাৰীকটাস্থিত শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য ৰজো বৰ্মণে আৰু মাল্যাৰ্পণ কৰে ৰাষ্ট্ৰীয় বজৰং দলৰ পশ্চিম নলবাৰী প্ৰ-খণ্ডৰ সভাপতি দেৱেন বৰ্মণে। আনহাতে, মৃদুমুদ্ৰা ডেকাৰ আত্মাৰ চিৰশান্তি কামনাৰে আয়তীৰ নামৰো আয়োজন কৰা হয়।

অনুষ্ঠানটিত উপস্থিত থাকে ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ অসম প্ৰদেশৰ শিক্ষা সম্পাদিকা নমিতা বৰ্মণ,ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ নলবাৰীৰ সভাপতি পৰাগ ৰাজবংশী,অসম প্ৰদেশৰ বিভাগ সভাপতি ডিম্বেশ্বৰ দাস, আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ পশ্চিম নলবাৰী প্ৰ-খণ্ডৰ সম্পাদক হৰেণ বৰ্মণ, আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ মুকালমুৱা প্ৰ-খণ্ডৰ সভাপতি বিকাশ দাস, ৰাষ্ট্ৰীয় বজৰং দলৰ পশ্চিম নলবাৰী প্ৰ-খণ্ডৰ সভাপতি দেৱেন বৰ্মণ, ৰাষ্ট্ৰীয় বজৰং দলৰ পশ্চিম নলবাৰী প্ৰ-খণ্ডৰ সম্পাদক ডাৱৰ চক্ৰৱৰ্তী প্ৰমুখ্যে ভালেমান হিন্দুত্ববাদী নেতা আৰু স্থানীয় ৰাইজ।

Related Articles