সদনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

সদনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।

২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল ৰাজ্যৰ জনমূৰি আয় ১,৮৫,৪২৯ টকালৈ বৃদ্ধি।

নিজা উৎসৰ ৰাজহৰ বৰঙনি ৫০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য।

২০২৫-২৬ বর্ষত মূলধনী ব্যয় ২৬,৫৩১ কোটিলৈ বৃদ্ধি।

আগষ্ট মাহৰ পৰা আৰম্ভ কৰা হ’ব চৰকাৰী আঁচনিসমূহ।

অৰুণোদয় আঁচনি ৪০ লাখ পৰিয়ালৰ কাষলৈ গৈছে।

আগষ্ট মাহৰ পৰা পুনৰ অৰুণোদয় ধন দিয়া হ’ব।

বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন অৰুণোদয়ৰ সৈতে অব্যাহত থাকিব।

পৰৱৰ্তী ৫ বছৰত ২ লাখৰ অধিক নিযুক্তিৰ লক্ষ্য।

ইয়াৰ বাবে গঠন কৰা হৈছে টাস্ক ফৰ্চ।

বাজেট ভাষণত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ এই মন্তব্য।

আনহাতে কোনো ব্যক্তিয়ে বহুবিৱাহ কৰা বুলি প্ৰমাণ হ’লে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব।

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া।

অক্টোবৰ মাহৰ পৰা পাব এই আঁচনিৰ সুবিধা।

আগষ্ট মাহৰ পৰা পুনৰ ৬২১ গৰাকী উদাসীন ভকতলৈ মাহিলী ১,৫০০ টকাকৈ আগবঢ়াব ৰাজ্য চৰকাৰে।

৪৮,৩৬৬ স্নাতক ডিগ্ৰীধাৰীলৈ উচ্চশিক্ষাৰ বাবে মাহে ২৫০০ টকাকৈ প্ৰদান কৰা হৈছে।

দিব্যাংগ যান আঁচনিৰ অধীনত ৩ লাখ ৭৫ হাজাৰক সামৰি লোৱাৰ লক্ষ্য।



Related Articles