তেজপুৰৰ পৰা প্ৰৱঞ্চনাৰে ৫৮ লাখ টকাৰ সোনৰ অলংকাৰ আত্মসাৎ কৰা এগৰাকী মহিলাক তেজপুৰ আৰক্ষীয়ে আহমেদাবাদৰ পৰা আটক কৰা লগতে অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে তেজপুৰৰ অঞ্জনা জুৱেলাৰিৰ পৰা বিশ্বনাথ চাৰিআলিৰ জীয়াৰী তথা আহমেদাবাদৰ বোৱাৰী প্ৰিয়ংকা পেটেলে ৫৮ লাখ টকাৰ অলংকাৰ ক্ৰয় কৰি চেক যোগে ধনৰাশি প্ৰদান কৰে । অঞ্জনা জুৱেলাৰীয়ে বেংকত চেক জমা দিয়াত ওলাই পৰে আত্মসাৎৰ ঘটনা।
অঞ্জনা জুৱেৰাৰী কতৃপক্ষই তেজপুৰ সদৰ থানা দাখিল কৰা এজাহাৰৰ ভিত্তিত ৩৮৯/২৬ নম্বৰত গোচৰ ৰুজু কৰি আহমেদাবাদৰ কাইম বাঞ্চৰ সহযোগত আহমেদাবাদ, গুজৰাটৰ এখন জুৱেলাৰীৰ পৰা ৫৮ লাখ টকাৰ অলংকাৰ উদ্ধাৰ কৰা লগতে প্ৰিয়ংকা পেটেলক আটক জেৰা চলাই তেজপুৰত সদৰ থানাত তদন্ত চলাই আছে।

