বাজেট দাখিলৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

সদনত বাজেট দাখিলৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল।

সংবাদমেলত বহু গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সংবাদমেলত মুখ্যমন্ত্ৰীৰ মন্তব্য-

অসমৰ পৰা ৰপ্তানি হোৱা প্রতি কিলো চাহৰ বাবদ পাব ৩ টকাকৈ ৰাজসাহায্য।

লাচিত বৰফুকন আৰু কুশল কোঁৱৰৰ জীৱনভিত্তিত নিৰ্মাণ হ’ব ছবি।

ছবি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে।

বাণিজ্যিক চিনেমা নিৰ্মাণৰ প্ৰস্তাৱ বাজেটত।

দুই বীৰক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাৰ বাবেই এই পদক্ষেপ।

গুৱাহাটীত উপগ্ৰহীয় চহৰৰ বাবে লোৱা হৈছে ৭ হাজাৰ ২০০ বিঘা ভূমি।

অসমত নিৰ্মাণ হ’ব দুটা শৈক্ষিক বিকাশ কেন্দ্ৰ।

প্ৰায় ২০ হাজাৰ শিক্ষাৰ্থীয়ে একেলগে অধ্যয়ন কৰিব পাৰিব এই কেন্দ্ৰত।

উৰণসেতুত ছবি অংকন কৰাকলৈ এটা বিশেষ পাৰ্টিলৈ সকীয়নি মুখ্যমন্ত্ৰীৰ।

গণেশগুৰি উৰণসেতুৰ দেৱালৰ পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি দিয়া সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।

গণেশগুৰিৰ ফটোখন জুবিন গাৰ্গৰ দৰে লগা নাছিল।

সেইকাৰণে ৰং মিস্ত্ৰী দুজনে ছবিখন মচি দিছিল।

দ্বিতীয়বাৰ জুবিনৰ এনে ফটো আঁকিলে হ’ব গ্ৰেপ্তাৰ।

যদি জুবিনৰ ফটো আঁকে গৰিমাৰ চহী লৈ আঁকিব।

জুবিনৰ ফটো আঁকক, দৰকাৰ হ’লে মইও অলপ ৰং সানিম।

উৰণসেতুত SFI-এ ছবি অংকন কৰিলে জিলা আয়ুক্তক গ্ৰেপ্তাৰ কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

বিপ্লৱীৰ ছবি অংকন কৰিবলৈ মন গ’লে পৰেশ বৰুৱা, পৰাগ দাসৰ ছবি অংকন কৰা, সংগ্ৰাম কৰি আছে।

চে গুৱেভাৰাক কিয় আঁকিব লাগে।

উৰণসেতুত SFI-এ ছবি অংকন কৰিলে জিলা আয়ুক্তক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

আগন্তুক ৫ বছৰত ২ লাখৰো অধিক নিযুক্তি প্ৰদানৰ লক্ষ্য।

নতুনকৈ পদ সৃষ্টি কৰি হ’লেও দিয়া হ’ব নিযুক্তি।

নিযুক্তি সন্দৰ্ভতো বাজেটত উল্লেখিত প্ৰস্তাৱ সন্দৰ্ভত মুখ্য়মন্ত্ৰীৰ মন্তব্য।





Related Articles