কাইলৈৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং

কাইলৈৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং।

নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে দলং খন মেৰামতিৰ কাম হাতত লোৱাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে।

নিৰ্দেশনা অনুসৰি ১৩ জুলাইৰ পুৱা ৫ বজাৰ পৰা পুৰণি শৰাইঘাট দলং খনেৰে যান-বাহন সম্পূৰ্ণৰূপে বন্ধ হ’ব।

১৫ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং।

এই সময়চোৱাত সকলো যান-বাহনে যায়াতৰ বাবে নতুন শৰাইঘাটৰ দলং ব্যৱহাৰ কৰিব লাগিব।

পুৱা ৬ বজাৰ পৰা নিশা ১০ বজাৰ ভিতৰত নতুন শৰাইঘাট দলঙৰ ওপেৰেৰ গুৱাহাটীত বাণিজ্যিক যান-বাহন প্ৰৱেশ বা প্ৰস্থান কৰিব নোৱাৰিব।

নামনি অসম আৰু উজনি অসমৰ মাজত যাত্ৰীবাহী বাছৰ বাহিৰে গধুৰ মটৰ গাড়ীৰ বাবে বিকল্প পথ নিৰ্ধাৰণ কৰা হৈছে।

Related Articles