নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়ত ৰবিবাৰে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয় চৌহদত স্থাপন কৰা অসমৰ প্ৰথমটো অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ড্ৰাগছ ধ্বংস কৰা যন্ত্ৰৰ সহায়ত কোটি টকাৰ ড্ৰাগছ ধ্বংস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম আৰক্ষীয়ে ইতিমধ্যে প্ৰায় ৪৭২.৫১ কৌটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত অসমত প্ৰথমবাৰৰ বাবে স্থাপন কৰা যন্ত্ৰটোৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
এই কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তা, চি.আই.ডিৰ মহাপৰিদৰ্শক সংযুক্তা পৰাশৰ, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ লগতে বহু উচ্চপদস্থ বিষয়াৰ লগতে ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই সংগ দিয়ে। উল্লেখ্য যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই সফলতা লাভ কৰিছে। নলবাৰীত ৰাজ্যিক পৰ্যায়ত নিচাযুক্ত দ্রব্য বিনষ্ট কৰা অভিযানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্রতি বছৰে অসমত প্রায় এহেজাৰ কোটি টকাৰ ড্রাগছ ধ্বংস কৰি অহা হৈছে। ৪৭২.৫১ কোটি টকাৰ ড্রাগছ বিনষ্ট কৰিবলৈ ১০ দিন সময় লাগিব। NBPS আইনৰ অধীনত ৩,২২৭ কোটি টকাৰ ড্রাগছ বিগত ৫ বছৰত জব্দ কৰা হৈছে। ড্রাগছ ব্যৱসায়ীসকলক কৰায়ত্ত কৰাটো অতি কঠিন কাম। পূৰ্বে ড্রাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’লে বিৰোধীয়ে সমালোচনা কৰিছিল। এইবাৰ বিধানসভাত বিৰোধীয়ে আমাক কঠোৰ হ’বলৈ আহ্বান জনাইছে। এতিয়াৰে পৰা কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্রহণ কৰা হ’ব।
উল্লেখ্য যে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ কৰিছে প্ৰায় ৪৭২.৫২ কোটি টকাৰ ড্ৰাগছ ৷ নিচাযুক্ত দ্রব্য নির্মূলৰ লক্ষ্যৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্য চৰকাৰে ৰাজ্যিক পৰ্যায়ত নিচাযুক্ত দ্রব্য বিনষ্ট কৰা অভিযান আৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ৰোলাৰ চলাই বহু পৰিমাণৰ জব্দকৃত ফেন্সিডাইল,কফ ছিৰাপৰ বটল ধ্বংস কৰে ৷ এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ স’তে অংশ লয় বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা,বিধায়ক নাৰায়ণ ডেকা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীকে ধৰি কে’বাজনো উচ্চ পৰ্যায়ৰ বিষয়াই সংগ দিয়ে। জানিব পৰা মতে,জব্দকৃত ড্ৰাগছসমূহ এক সপ্তাহৰ ভিতৰত ধ্বংস কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম আৰক্ষীক নিৰ্দেশনা প্ৰদান কৰিছে । সেয়েহে, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে দৌলাশাললৈ আহি ৰাজ্যখনৰ কেইবাখনো জিলাত জব্দকৃত ড্ৰাগছসমূহ একত্ৰিত কৰি ধ্বংস কৰে ৷ অসম আৰক্ষীৰ ডি.জি.পি গৰাকীয়ে কয় যে নিচামুক্ত ভাৰত গঢ়াৰ যি পৰিকল্পনা সেই দিশে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগবাঢ়িছোঁ।
আনহাতে,এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ড্ৰাগছ বিৰোধী জনসচেতনতাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই সমষ্টিটোৰ ৰামপুৰৰ গোপালথান প্ৰাঙ্গণৰ পৰা দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বেটেলিয়ন চৌহদলৈ আয়োজিত সজাগতামূলক মাৰাথন দৌৰৰ শুভ উদ্বোধন কৰে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই। যুৱ সমাজক নিচাৰ কবলৰ পৰা সুৰক্ষিত ৰাখি এখন সুস্থ, সুৰক্ষিত আৰু প্ৰগতিশীল অসম গঢ়ি তোলাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই বাৰ্তা নিঃসন্দেহে সমাজৰ বাবে এক ইতিবাচক বাৰ্তা বহন কৰিব।

