মানসিক ৰোগ থকা এগৰাকী মহিলাক কিছুসংখ্যক লোকে নিশা মাৰধৰ কৰি থানাত চমজাই দিয়াৰ পিছত এটা স্বেচ্ছাসেৱী সংগঠনে চিকিৎসক লগত লৈ মহিলা গৰাকীক সম্পূৰ্ণ সেৱা আগবঢ়াই সম্পূৰ্ণ সুস্থ কৰি তোলা এটা ঘটনাই সম্প্ৰতি সমাজত এক বিশেষ চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত নদলা গাঁওৰ দুটি কনমানি শিশুৰ মাতৃ তথা দুখীয়া বিধৱা মহিলা মামনী বৰ্মনক স্থানীয় কিছু লোকে যোৱা ৯ জুনত মানসিক ৰোগী বুলি ভিত্তিহীন অভিযোগ কৰি আনি মাৰ ধৰ কৰি নিশা ১১ বজাত বেলশৰ থানাত খবৰ দিছিল । বেলশৰ আৰক্ষীয়ে মানুহ গৰাকীক সেইদিনাই আনি নিশা সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত “সখী একক অৱস্থান কেন্দ্ৰ” নলবাৰীত সম্পূৰ্ণ নিৰাপত্তাৰে ৰাতি থকাৰ বাবে ব্যৱস্থা কৰে । সমাজ কল্যাণ বিভাগৰ দ্বাৰা ডেজিগনেটেড এন জি অ’ ৰূপে স্বীকৃতি প্ৰাপ্ত নলবাৰীৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন “আশ্ৰয়” ৰ লগত জিলা সমাজ কল্যাণ বিভাগৰ পৰা যোগাযোগ কৰাত আশ্ৰয়ৰ সভানেত্ৰী ৰিংকুবৰুৱা মহন্তই অতি তৎপৰতাৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিশেষজ্ঞ ডাঃ নিপুল মহন্তৰ দ্বাৰা মহিলা গৰাকীক চিকিৎসা কৰাই। উল্লেখ্য যে নলবাৰী জিলাৰ নৱ নিযুক্তি উপায়ুক্ত গিতিমনি ফুকন উপস্থিত হৈ সখী একক অৱস্থান কেন্দ্ৰত মহিলা গৰাকীৰ বুজ লয়। ডা: নিপুল মহন্ত চিকিৎসাৰ প্ৰদান পত্ৰ অনুসৰি আশ্ৰয়ৰ ফালৰ পৰা এমাহৰ দৰৱ আৰু নিজ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে নগদ ধন সহ সখী একক অৱস্থান কেন্দ্ৰৰ বিষয়া প্ৰজ্বলিকা চৌধুৰী, জুনু বৈশ্য, আশ্ৰয়ৰ সভানেত্ৰী সহ সদস্য কিশোৰ শৰ্মা,অৰুণ ৰাজবংশী আৰু অৰবিন্দ কলিতাই মহিলা গৰাকীৰ মাতৃ গৃহ ধমধমাৰ মহেনীয়া গাওঁত ১১ জুনত ধমধমা আৰক্ষীৰ সহযোগত থৈ আহে। তদুপৰি মহিলা গৰাকীৰ পৰৱৰ্তী সময়ত মানসিক ৰোগৰ চিকিৎসাৰ ব্যয় ‘আশ্ৰয়’ৰ তৰফৰ পৰা বহন কৰিব বুলি সাংবাদিকক জানিব দিছে। আজি চিকিৎসকে পুনৰ স্বাস্থ্যৰ বুজ লবলৈ যায়। বৰ্তমান মহিলা গৰাকী মাতৃ গৃহত নিৰাপদে আছে বুলি ‘আশ্ৰয়’ কৰ্তৃপক্ষই জানিব দিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সোণতলীত বৰলুইত শিল্পী সমাজৰ সমিতি গঠনঃ ২৬ মে’ত শপত গ্ৰহণ…
- হাৱাইপুৰ হাজাগআফেৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা, প্ৰদান কৰিলে ৫০ হাজাৰ টকাৰ চেক; উপস্থিত মন্ত্ৰী নন্দিতা গাৰ্লোচা…
- হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ…
- এনেকৈয়ে আহে আধুনিকতা…
- বিলাসীপাৰাৰ ব’হাগী উৎসৱত কঁকাল ভাঙি নাচিলে আঙুৰলতা ডেকাই…
- দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন। মুম্বাইত ভোটাধিকাৰ সাব্যস্ত অক্ষয় কুমাৰ, জাহ্নৱী কাপুৰ; ৰাজকুমাৰ ৰাওৰ…
- দুৰ্ঘটনাত পতিত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ! সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ…
- আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, স্মৃতি ইৰাণী; ৰাহুল গান্ধীৰ…
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…