এইবাৰ অসমত ওলাল এনে এজন লোক যি জনৰ গাত লাগি ধৰিছে চামোচ, মুদ্ৰা, খন্তি আদি

বিগত কেইদিনমানত এনে কেইবাটাও খবৰ আমি লাভ কৰিছিলোঁ যে কওভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতে একাংশ লোকৰ দেহত চিম্বকীয় শক্তি দেখা দিছে। এনে বহু ফটো ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল ঙৈছে। শেহতীয়াকৈ অসমতো এনে চুম্বকীয় শক্তিৰ অধিকাৰী লোক এজনৰ সম্ভেদ পোৱা গৈছে।

বিজনীত এইজন লোকৰ গাতো দেখা গৈছে চুম্বকীয় শক্তি ৷ বিজনীৰ কাউৱাটিকাৰ শিৱশংকৰ অধিকাৰী নামৰ এই লোক জনৰ দেহত চামুচ, হেতা, মুদ্ৰা, খন্তি আদি লাগি ধৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই কাণ্ড দেখি স্থানীয় লোকো হতভম্ব হৈ পৰে।

ভেটাগাঁও নৱাৰূপ স্কুলৰ বিজ্ঞান শিক্ষক অধিকাৰীয়ে কিছু দিন পূৰ্বে কোভিড-১৯ৰ ভেকচিন গ্ৰহণ কৰিছিল ৷ ভেকচিন গ্ৰহণৰ পিছত বিভিন্নজনৰ গাত চুম্বকীয় শক্তি লাভ কৰা বুলি খবৰ লাভ কৰাৰ পাছত নিজে পৰীক্ষা কৰি চোৱাত এই কথা জানিব পাৰে ৷

অৱশ্যে প্ৰায় সাত বছৰ পূৰ্বেও বিজ্ঞান শিক্ষকজনৰ গাত এনে চুম্বকীয় শক্তি ধৰা পৰিছিল বুলি জানিব দিয়ে। সেয়ে ভেকচিনেচনৰ কাৰণে এই চুম্বকীয় শক্তি লাভ কৰাৰ কথা অস্বীকাৰ কৰে তেঁও ৷ কিছুু সংখ্যক লোকৰ দেহত চুম্বকীয় শক্তি থাকে বুলি দাবী কৰে বিজ্ঞান শিক্ষক শিৱশংকৰ অধিকাৰীয়ে ৷

Related Articles