হোজাইৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফে আজি জিলাখনৰ ক’ভিড হস্পিটেল ৰূপে পৰিচিত নীলবাগান মডেল হস্পিটেল চৌহদ চেনিটাইজ কৰে৷ লগতে ক’ভিড ৰোগী সকলৰ মাজত খাদ্যৰ টোপোলা বিতৰণ কৰে৷ আজি পুৱাৰ ভাগত সংস্থাটোৰ কাৰ্যবাহী সভাপতি ড° চামছুল হক চৌধুৰী আৰু সমাজকৰ্মী আনোৱাৰ হুছেইনে নীলবাগান হাস্পাতালৰ চেনিটাইজেচনৰ কামৰ শুভাৰম্ভ কৰে৷ ডেপুটি মেনেজাৰ জামাল উদ্দিনৰ নেতৃত্বত স্বেচ্ছাসেৱকৰ দলে হাস্পাতালৰ বাহিৰ-ভিতৰ বীজানুমুক্ত কৰিবলৈ ঔষধ ছটিয়ায় ৷ এই উপলক্ষে হাস্পাতালখনৰ কৰ্তব্যৰত চিকিৎসক ডা: এছ এম এম ইছলামে ক’ভিড মহামাৰীৰ এই সময়ত মৰ্কজুল মা আৰিফে লোৱা পদক্ষেপৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে৷ পিছত স্বেচ্ছাসেৱকৰ দলটোৱে ডবকা ত্ৰিশখন বিচনাযুক্ত হস্পিটেল, ডবকা বজাৰ আৰু মাছ বজাৰ চেনিটাইজড কৰে৷ অভিযানটোৰ নেতৃত্ব দিয়া মৰ্কজুল মা আৰিফৰ ডেপুটি মেনেজাৰ মহম্মদ জামাল উদ্দিনে কয় যে, জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে মৰ্কজুল মা’আৰিফে বিগত কেবাদিন ধৰি এই পবিত্ৰ কামটো চলাই গৈছে৷ তেওঁলোকে হোজাই থানা, হোজাই পৌৰসভা কাৰ্যালয়, বেংক, চুপাৰ মাৰ্কেট, বিদ্যুৎ বিভাগৰ কাৰ্যালয় আদি চেনিটাইজড কৰিছে আৰু অনাগত দিনতো এই কাম চলি থাকিব৷ ক’ভিদৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজেৰে মহামাৰীক পৰাজিত কৰাটো সম্ভৱ বুলি ডেপুটি মেনেজাৰজনে মন্তব্য কৰে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…