জখলাবন্ধাত নিশা গেলামালৰ দোকানৰ গোডামৰ পৰা খাদ্য সামগ্ৰী চুৰি কৰি ৰঙাঘৰত সোমাল তিনিটাকৈ গভাইত চোৰ। সোমবাৰে পুৱতি নিশা জখলাবন্ধা চহৰৰ মাজ মজিয়াৰ সুৰেশ ৰায় ওৰফে ভিক্ষাৰী নামৰ ব্যৱসায়ীজনৰ গুডামত সোমাই চোৰৰ দলটিয়ে মিঠাতেল, ৰিফাইন তেল লুটকৰাৰ সময়তে হাতে-লোটে আটক কৰে বিবেক ৰবিদাস নামৰ চোৰটোক। ধৃত বিবেক ৰবিদাসৰ স্বীকাৰোক্তিৰ ভিত্তিত জখলাবন্ধা আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক মৃদুল দেৱনাথৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই জখলাবন্ধা থানা এলেকাধীন কেৰিবাকৰিৰ পৰা জয় বাচফৰ(২০) আৰু মিটলেচ চাহানি(১৮) নামৰ আন দুটা চোৰক আটক কৰাৰ লগতে চুৰি হোৱা সামগ্ৰী খিনি উদ্বাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰামতে প্ৰায় ১ বছৰৰ পূৰ্বৰ পৰা উক্ত অঞ্চলৰ কেইবাটাও গুডামৰ পৰা এইদৰে বিভিন্ন সামগ্ৰী চুৰি কাৰ্য সংঘটিত হৈ আহিছিল। অবশেষত আৰক্ষীৰ জালত পৰিল এই তিনি চোৰ। ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৪৫৭/৩৮০ধাৰাৰ অধীনত ৪০/২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…
- আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…
- তেজপুৰৰ জ্যোতি ভাৰতীত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন তথ্য গধুৰ গ্ৰন্থ উন্মোচন…
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…