যোৱা ১৯ জুলাইত দিখৌ নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰি সৃষ্টি কৰা প্ৰলয়ংকাৰী বানৰ ফলত নাজিৰা বিধানসভা সমষ্টিৰ জনগণক এক প্ৰকাৰে সৰ্বস্বান্ত কৰিলে । উচন কৰি তুলিছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি। কৃষকে ঘাম মাটিত পেলাই অশেষ কষ্টৰে কৰা কৃষিভূমি লৈ চাই চাই এতিয়া হুমুনিয়াহ কাঢ়ি ৰৈছে। তেনে এই বিপজ্জয়ৰ সময়ত চৰকাৰে নতুনকৈ কঠিয়া পাৰি বানবিধ্বস্ত অঞ্চলৰ কৃষক ৰাইজক বিতৰণ কৰিব বুলি ঘোষণা কৰিছে যদিও সেই সময়লৈ বহু পলম হৈ যাব অসমৰ কৃষকসকলৰ কৃষি ভূমিত খেতি কৰাৰ ।
এনে সংকটৰ সময়ত নাজিৰাৰ বানবিধ্বস্ত অঞ্চলৰ কৃষক ৰাইজক সহায়ৰ বাবে আগবাঢ়ি আহিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতৃত্ব। নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলৰ প্ৰাক্তন দলপতি দেৱব্ৰত শইকীয়াৰ বিশেষ প্ৰচেষ্টাত লখিমপুৰ, ধেমাজি জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ দলৰ নেতা – কৰ্মী সকলে নাজিৰাৰ বান বিধ্বস্ত অঞ্চলৰ কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে ট্ৰাকে ট্ৰাকে কঠিয়া আনি যোগান ধৰাৰ প্ৰয়াস কৰিছে।
আজি নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰচেষ্টাত লখিমপুৰ আৰু ধেমাজি জিলাৰ কংগ্ৰেছ দলৰ বিষয় – ববীয়া সকলে বিহুবৰ অঞ্চলৰ ৰমণী গাওঁ পঞ্চায়তৰ দুই নং চোলাধৰা গাঁৱৰ বানবিধ্বস্ত কৃষক ৰাইজক কঠিয়া যোগান ধৰি সহায়ৰ হাত আগবঢ়াইছে।

