সম্প্ৰতি ৰাজ্যৰ বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে বৰপেটাৰোডবাসী। আজি বৰপেটাৰোড পৌৰসভাৰ উদ্যোগত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১৩ লাখ ৮০ হাজাৰ টকাৰ এক বৃহৎ আৰ্থিক অনুদান আগবঢ়োৱা হয়। বিশেষকৈ শিৱসাগৰ জিলাৰ বানপীড়িত ৰাইজৰ সাহায্যৰ্থে এই ধন আগবঢ়োৱা হৈছে।
বৰপেটাৰোডৰ ব্যৱসায়ী সমাজ, বিভিন্ন মন্দিৰ আৰু মছজিদ পৰিচালনা সমিতি তথা বৰপেটাৰোড পৌৰসভাৰ যৌথ প্ৰচেষ্টাত এই বৃহৎ পৰিমাণৰ ধনৰাশি সংগ্ৰহ কৰা হয়। আজি আয়োজিত এক অনুষ্ঠানত এই অনুদান চৰকাৰক অৰ্পণ কৰা হয়।
এই সাহাৰ্য্য প্ৰদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাস। তেখেতৰ লগতে জিলা আয়ুক্ত আৰু জিলা প্ৰশাসনৰ বিভিন্ন পৰ্যায়ৰ উচ্চপদস্থ বিষয়ববীয়া সকল উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে কয় যে বৰপেটাৰোডৰ ব্যৱসায়ী সকলৰ লগতে ধৰ্মীয় অনুষ্ঠান আৰু পৌৰসভাই যি একতাৰ পৰিচয় দি বানপীড়িতৰ কাষত থিয় দিছে, সেয়া অত্যন্ত প্ৰশংসনীয়।
বিপদে মানুহক এক হোৱাৰ শিক্ষা দিয়ে আৰু বৰপেটাৰোডবাসীয়ে আজি তাকেই প্ৰমাণ কৰিলে বুলি তেওঁ উল্লেখ কৰে।
শিৱসাগৰৰ বানপীড়িত ৰাইজৰ পুনৰ সংস্থাপন আৰু সকাহৰ বাবে আগবঢ়োৱা এই বিশেষ সাহাৰ্য্যৰ বাবে উপস্থিত চৰকাৰী বিষয়াসকলেও বৰপেটাৰোডবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাইজৰ এই দানশীলতাই সমাজৰ আন স্তৰৰ লোকসকলকো উৎসাহিত কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।

