শিৱসাগৰত বান পৰিস্থিতিৰ বৰ্তমানো সাম কটা নাইঃ গুৱাহাটী সাংবাদিকৰ দল ৰাওনা উজনিলৈ, বানপীড়িতৰ কাষত থিয় দিবলৈ মানৱীয় প্ৰয়াস সাংবাদিকসকলৰ

উজনি অসমৰ শিৱসাগৰ জিলাসহ বিভিন্ন বানাক্ৰান্ত অঞ্চলত এতিয়াও স্বাভাৱিক পৰিস্থিতি সম্পূৰ্ণ ঘূৰি অহা নাই। বানৰ পানী বহু ঠাইত নামিলেও বিস্তীৰ্ণ অঞ্চল কদৰ্য‍্যয় হৈ থকাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে এতিয়াও খাদ্য, বিশুদ্ধ খোৱাপানী, বস্ত্ৰ আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱৰ সৈতে যুঁজ দি আছে। এই কঠিন সময়ত বানপীড়িত লোকসকলৰ কাষত থিয় দিবলৈ গুৱাহাটীৰ একাংশ সাংবাদিকে এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে। সাংবাদিকসকলৰ এটা দলে বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি উজনি অসমৰ উদ্দেশ্যে ৰাওনা হৈছে। এই অভিযানৰ মূল লক্ষ্য হৈছে বানপীড়িত পৰিয়ালসমূহৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, খোৱাপানী, কাপোৰ, শিশুখাদ্য, ঔষধৰ লগতে বিভিন্ন সামগ্ৰী বিতৰণ কৰা।


সাংবাদিকসকলে কয় যে, এই অভিযান কেৱল সংবাদ পৰিবেশনতেই সীমাবদ্ধ নহয়; সমাজৰ সংকটৰ সময়ত মানৱীয় দায়িত্ব পালন কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। অসমৰ বিভিন্ন প্ৰান্তৰ সচেতন নাগৰিক, সমাজসেৱী আৰু শুভাকাংক্ষীয়ে এই উদ্যোগলৈ সহায়ৰ হাত আগবঢ়াইছে।


বানৰ ফলত বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি আৰু জীৱিকা ক্ষতিগ্ৰস্ত হৈছে। বহু লোকে এতিয়াও আশ্ৰয় শিবিৰ অথবা আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আছে। বিশেষকৈ শিশু, বৃদ্ধ আৰু মহিলাসকল নানা সমস্যাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত কিছু সামগ্ৰী লৈ গনেশগুৰিত পৰা বিভিন্ন সংবাদ প্ৰতিস্থানৰ সাংবাদিকৰ উপস্থিতিত উজনিলৈ ৰাওনা হৈছে। শিৱসাগৰলৈ যোৱা সাংবাদিকৰ দলটোত আছে নিউজ লাইভৰ অৱন দত্ত, টাইম এইটৰ ৰঞ্জন হাজৰিকা, এনকেটিভিৰ কল্পজিৎ শ‌ইকীয়া, প্ৰতিদিন টাইমৰ ৰূপম দলৈ, এনবি নিঊজৰ দ্বীপজ‍্যোতি শ‌ইকীয়া, ফাৰ্ষ্ট নিউজ অসমৰ পৰমা সোনোৱাল, ডিৱাইৰ মানস প্ৰতিম কাশ‍্যৱ, এনদি২৪ৰ মুছফিক হুছেইন। গুৱাহাটী পৰা ৰাওনা হোৱাৰ পিছত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত সেৱা লৈ শিৱসাগৰলৈ ৰাওনা হয় বুলি সাংবাদিকৰ দলটোৱে জানিবলৈ দিয়ে।

Related Articles