১০০ টা বানাক্ৰান্ত পৰিয়ালৰ বাবে ১০০ টা ঘৰ। কন্ঠশিল্পী দীপলিনা ডেকা ফাউণ্ডেচনৰ উদ্যোগত বানপীড়িত ১০০ টা পৰিয়ালৰ বাবে ১০০ টা ঘৰ নিৰ্মাণৰ পৰিকল্পনা কথা সামাজিক মাধ্যমত কৈছিল কণ্ঠশিল্পী দিপলীনা ডেকাই।
দিপলীনাৰ এই পৰিকল্পনা সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে। ইতিমধ্যো দীপলিনা এই ১০০টা পৰিয়ালৰ বাবে ১০০টা ঘৰ নিৰ্মাণৰ অভিযানত বহুতে সহায় কৰিছে।
জনপ্ৰিয় ইনফ্লুয়েঞ্চাৰ আৰিয়ান কেলভিনেও ২৯ লাখ টকা সংগ্ৰহ কৰি দিলে দীপলিনাৰ এই অভিযানত দিলে সহাঁৰি। বন্যাৰ্তৰ বাবে আগবাঢ়ি অহা প্ৰতিজন সহৃদয়বান লোকক ধন্যবাদ জ্ঞাপন কন্ঠশিল্পী দীপলিনা ডেকাৰ।

