শিৱসাগৰৰ বানাক্ৰান্তক সহায়ৰ হাত নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ

উজনি অসমৰ কেইবাখনো জিলাত হোৱা বানৰ সংহাৰী ৰূপ আৰু বিভিষিকাই বহু পৰিয়াললৈ অমানিশা নমাই আনিছে। বানৰ সংহাৰত পৰি সকলো হেৰুৱাই দিক বিদিক হেৰুৱাব লগা হৈছে উজনি অসমৰ চাৰিখনকৈ জিলাৰ লোকে। এই বিপদৰ সময়তে মানৱতাৰ নিদৰ্শন দেখুৱালে নলবাৰী জিলাৰ বানেকুছিস্থিত পি এম শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ মিন্টু চক্ৰৱৰ্ত্তীৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষক কৰ্মচাৰীসকলে।

শিৱসাগৰ জিলাৰ অতি ভিতৰুৱা অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ মাজলৈ গৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী,বস্ত্ৰ, পশুধনৰ খাদ্য আৰু কিছু লোকক আৰ্থিকভাৱেও সহায়ৰ হাত আগবঢ়ায়। উল্লেখ্য যে নলবাৰীৰ পি এম শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয়ে আগবঢ়োৱা বানাক্ৰান্ত ৰাইজৰ খাদ্য সামগ্ৰী, বস্ত্ৰ আৰু পশুধনবোৰৰ বাবে দিয়া খাদ্যসমূহ সাংবাদিক মেৰাজুল কাজিৰ নেতৃত্বত যোৱা এটি চাৰি পাঁচজনীয়া দল এটি গৈ শিৱসাগৰ জিলাৰ কেইবাটাও অঞ্চলত বিতৰণ কৰে।

সাংবাদিক মেৰাজুল কাজিৰ নেতৃত্বত যোৱা দলটোত আছিল কাজিপৰা ক্লাৱৰ উপদেষ্টা মকিবৰ ৰহমান, কাজিপাৰা ক্লাৱৰ সম্পাদক ছালমান হুছেইন কাজি, সাংবাদিক চানোৱাৰ আহমেদ, সমাজকৰ্মী জলিল আলী। আনহাতে শিৱসাগৰৰ ভিন্ন প্ৰান্তৰ বানাক্ৰান্ত ৰাইজৰ মাজলৈ গৈ সাংবাদিক মেৰাজুল কাজিয়ে সামগ্ৰীসমূহ বিতৰণ কৰি জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষৰ লগতে শিক্ষানুস্থানখনৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ শলাগ লয়।

এনেধৰণৰ মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দেখুওৱাৰ বাবে শিক্ষানুস্থানখনৰ সমূহ শিক্ষক-কৰ্মচাৰীক আন্তৰিক ধন্যবাদ জনায় বান সাহাৰ্য প্ৰদানকাৰী দলটোৱে। লগতে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হৈ এনেদৰে সাহাৰ্য্য প্ৰদান কৰিবলৈ পাই আত্মসন্তুষ্টি লাভ কৰা বুলি মন্তব্য কৰে সাংবাদিক মেৰাজুল কাজীৰ লগতে দলটোৱে।

Related Articles