নগাঁও নলতলিৰ বাসিন্দা গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰয়াসী ভূঞাই যোৱা ৩১ জুলাই, ২৬ পৰা ১আগষ্টলৈ অনুষ্ঠিত নৱম হিৰজ আন্তৰ্জাতিক টাইকোৱান্দু চেম্পিয়নচিপত ৪৬-৪৯ কেজি শাখাত সোণৰ পদক কঢ়িয়াই অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
অত্যন্ত প্ৰতিযোগিতামূলক খেলখনত তেওঁ শেষৰ ৰাউণ্ডত শ্ৰীলংকাক হৰুৱাবলৈ সক্ষম হয়।তেওঁ ব্যৱসায়ী অপূৰ্ব ভূঞা আৰু ভাৰতীয় ডাক তাৰ বিভাগৰ কৰ্মী পিকুমণি দেৱী ভূঞাৰ একমাত্ৰ কন্যা।
তেওঁৰ এই সাফল্যত টাইকোৱান্দু শিক্ষক এমব্ৰুজ কুমাৰ বৰাৰ লগতে সন্দিকৈ কলেজ, পৰিয়ালবৰ্গ,গাঁওবাসী, আৰু “ডিভাইন হেণ্ড শিশু আৰু যুৱ মঞ্চ” আৰু সকলো শুভাকাংক্ষীয়ে অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

