কবি নীলিম কুমাৰৰ সৈতে ম’ৰেল পুলিচিঙৰ ঘটনা। বাঘবৰত কবিতাৰ পাঠৰ অনুষ্ঠানত অংশ ল’বলৈ গৈ মৰেল পুলিচিঙৰ বলি হয় বিশিষ্ট কবি নীলিম কুমাৰ। কবিজনৰ গাড়ীৰ চালকক প্ৰহাৰ কৰাৰ লগতে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে নীলিম কুমাৰসহ সহযোগীক। সামাজিক মাধ্যমত ঘটনাৰ বৰ্ণনা দিলে নীলিম কুমাৰে।
“কবিতাৰ সভালৈ গৈ উভতি আহিছোঁ
বুকুত গুলী এটা লৈ
=====================
কালি বাঘবৰৰ এটা অনুষ্ঠান আৰু সেউজী -সেউজীৰ উদ্যোগত বাঘবৰৰ “মাধবদেৱ বৈঠাপুতা সত্ৰ ”ত কবিতা পাঠৰ
অনুষ্ঠান এটালৈ গৈছিলোঁ ৷ কালিৰ পৰা লোকপিয়লৰ কামো আৰম্ভ হৈছে ৷ সেয়ে অনুষ্ঠানটোৱে আমাৰ উপস্থিতিয়ে সম্প্ৰীতিৰ ক্ষেত্ৰতো সামান্য প্ৰভাৱ পেলাব বুলি আশা কৰিছিল ৷ গুৱাহাটীৰ পৰা বাঘবৰ গৈ পাওঁতে আমাৰ ৫ ঘন্টা লাগিছিল ৷
অনুষ্ঠানত সচাকৈ বহুজন ভাল কবিৰ সমাবেশ হৈছিল ৷ অলপ দেৰীকৈ হ’লেও সুন্দৰ আৰু বৰ আন্তৰিক হৈছিল অনুষ্ঠানটো ৷ যি নহওক , অনুষ্ঠান শেষ কৰি আমি ৬-১৫ বজাত পুনৰ গুৱাহাটীলৈ বুলি উভতিছিলো ৷ আমি একেখন গাড়ীত আছিলো সেউজী সেউজীৰ প্ৰতিস্হাপক তৰুণ বৰ্মন , কবি প্ৰণৱ শৰ্মা , হিৰণ্য লয় , মই আৰু আমাৰ ড্ৰাইভাৰজন ৷
অলপ দূৰ অহাৰ পিছতে অৰ্থাৎ বাঘবৰ আৰু মন্দিয়াৰ মাজৰ ঠাই খিনিত হঠাৎ দেখিলো আমাৰ বিপৰীত ফালৰ পৰা এখন বাইকত তীব্ৰ বেগত দুজন যুবক পাৰ হৈ গ’ল ৷ অলপ পিছতে কেইজনমান যুবকে আমাৰ বাট ভেটি ধৰিব খুজিলে ৷ ক’লে যে _ আমি হেনো দুজন যুবকক এক্সিডেণ্ট কৰি থৈ আহিছোঁ ৷ আমি বাৰে বাৰে প্ৰতিপন্ন কৰিব কৰিব খুজিলোঁ যে আমাৰ গাড়ীৰ দ্বাৰা কতো একো হোৱা নাই ৷ এইবুলি আমি নিজৰ বাটেৰে আগবাঢ়ি আহি থাকোঁতে দেখিলো হঠাতে এখন চাৰিচকীয়া গাড়ীত কেইজনমান যুবক আহি আমাৰ গাড়ীখন আগচি ধৰিলে ৷ গোটেই অঞ্চলটো মুছলমান সম্প্ৰদায়ৰ ৷ আমাৰ ড্ৰাইভাৰজনো মুছলমান হোৱা কাৰণে তেওঁ বাৰে বাৰে ক’লে _ ব’লক মছজিদলৈ গৈ শপত খাই কওঁ যে আমাৰ গাড়ীয়ে কতো একো কৰা নাই ৷ ”
কিন্তু তেওঁলোকে সেইবোৰ একো নামানে ৷ তেওঁলোকে আমাক গাড়ীখন ওভতাই নিবলৈ জোৰ কৰি বাক বিতণ্ডাত লিপ্ত হ’ল ৷ কোনোবা এজনে আমাৰ গাড়ীখনৰ চাবিটো ড্ৰাইভাৰৰ হাতৰ পৰা জোৰকৈ কাঢ়ি লৈ গ’ল আৰু তেওঁক টানি নমাই দিলে ৷ আমি চাৰিজনকো আান এঠাইত কোনোবা মানুহৰ আগচোতালত গাড়ীৰে নি বহাই ৰাখিলে ৷ এক বিপদজনক আৰু অসহায় পৰিবেশৰ সন্মুখীণ হ’লো ৷
ইমানদিন ম’ৰেল পুলিছিঙৰ কথাবোৰ শুনিছিলো আৰু TV ৰ পৰ্দাত দেখিছিলোঁ ৷ আমাৰ লগতো একেই কাণ্ড ৷
আমাৰ ড্ৰাইভাৰজনৰ আঙুলি ফাটি তেজ বৈছিল ৷ আমি বিপদৰ পৰা কেনেকৈ ৰক্ষা পৰিব পাৰো বাট বিচাৰি আছিলোঁ ৷ এনেতে একে অনুষ্ঠানৰ পৰা আমাৰ পিছত আহি থকা এখন কবিৰ গাড়ীৰ পৰা কোনোবা এজনে মোক দেখি আচৰিত হৈ ৰৈ দিলে ৷ তেওঁ ভাবিলে নীলিমদা আকৌ ইয়াত কিয় ?
তেওঁ মোক সুধিলে কথাবোৰ ৷ বিবৰি ক’লো ৷ অলপ আতৰলৈ গৈ তেওঁ মোক ক’লে _ ” নীলিমদা , মোৰ হাতত S Pৰ ফোন নম্বৰটো আছে ৷ আপুনি এবাৰ তেওঁক ফোন কৰি কওক ৷“
মই SP সমীৰণ বৈশ্যক লগে লগে ফোন কৰি কথাখিনি কওঁতে তেওঁ সুন্দৰকৈ response কৰি ক’লে _ “ আপুনি নিশ্চিত থাকক দাদা ৷ মই এতিয়াই O.C ক পঠাই দিছো ৷ ”
দুই তিনি মিনিট পিছতেই O. C আমাৰ ওচৰলৈ আহি পালে আৰু কথাবোৰ বুজি লৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আমাক ধুনীয়াকৈ চাহপানী খুৱাই পঠিয়াই দিলে ৷ O.C.জনেও হেনো মোক জানে ৷ তেওঁ নিজেও সাহিত্য অনুৰাগী ৷
প্ৰকৃততে সেইযে দুজন যুবক , তেওঁলোকে বিপৰীত ফালৰ পৰা ইমান তীব্ৰ বেগত আহিছিল যে বেলেঞ্চ ৰখাব নোৱাৰি নিজে নিজে বাগৰি পৰিছিল ৷ আঘাতো আছিল সাধাৰণ ৷
মনটো হতাশাৰে ভৰি পৰিছিল ৷ সেই অসহায় অবস্থাত পৰি থাকোঁতে বাৰেবাৰে ভাবিছিলোঁ সদায় সাম্প্ৰদায়িকতা , বিভেদ আদিৰ বিৰুদ্ধে মাত মাতি আহিছোঁ ৷ সম্প্ৰীতি , মানৱতাৰ কথা লিখি আহিছোঁ ৷ কিন্তু আজি দেখিলো মানৱতা বিপদমুক্ত নহয় ৷ সেই সেয়ে চৰম কঠিন বিপদৰ পৰিবেশতেই মোৰ মূৰলৈ আহিছিল এশাৰী কবিতা _
“ কবিতাৰ সভালৈ আহি
উভতিছোঁ কবিতাৰ মৃতদেহ লৈ ….”
( আগলৈ কবিতাট লিখিম সম্পূৰ্ণকৈ )
××এই ঘটনাটোৰ কথা গম পাই অজস্ৰজনে মোক ফোন কৰি আছে ৷ সকলোকে এই কথাখিনিয়ে ক’ব লগা হয় ৷ বহুজনৰ লগত কথাবোৰ কৈ কৈ ভাগৰি পৰিছোঁ ৷ সেয়ে এনেকৈ কথাবোৰ কৈ থলোঁ ৷ বহুজনে লিখাৰ কথাও কৈছিল ৷”

