প্ৰাকৃতিক দুৰ্যোগৰ এই কঠিন সময়ত সামাজিক দায়বদ্ধতা আৰু মানৱীয় মূল্যবোধৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে দৰং জিলা সাহিত্য সভাই। অসম সাহিত্য সভাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ উদ্দেশ্যে দৰং জিলা সাহিত্য সভাই এক ব্যাপক সাহায্য অভিযান ৰূপায়ণ কৰি লক্ষাধিক টকাৰ শিক্ষা-সামগ্ৰী সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে।
এই সাহায্য অভিযানত দৰং জিলাৰ প্ৰায় অৰ্ধশতাধিক শাখা সাহিত্য সভাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। জিলাখনৰ নগৰ, চহৰ আৰু গ্ৰামাঞ্চলৰ বিভিন্ন শাখাই নিজৰ সামৰ্থ্য অনুসৰি বহী, কলম, পেঞ্চিল, স্কুল বেগ, পাঠ্য-পুথি , জ্যামিতি বাকচ, পানীৰ বটল, ছাতি আদি বিভিন্ন শিক্ষা-সামগ্ৰী সংগ্ৰহ কৰে। ইয়াৰ উপৰি বহু সাহিত্যপ্ৰেমী, শিক্ষক, ব্যৱসায়ী, সমাজকৰ্মী আৰু শুভানুধ্যায়ীয়ে ব্যক্তিগতভাৱে ধন আৰু সামগ্ৰী দান কৰি এই মানৱীয় কাৰ্যসূচীক সফল কৰি তোলে।
দৰং জিলা সাহিত্য সভাৰ এই সামূহিক প্ৰচেষ্টাৰ মূল উদ্দেশ্য হৈছে বানৰ ফলত শিক্ষা-জীৱনত সংকটৰ সন্মুখীন হোৱা শিক্ষাৰ্থীসকলৰ হাতত পুনৰ শিক্ষা-সামগ্ৰী তুলি দি তেওঁলোকক বিদ্যালয়মুখী কৰি তোলা। বানপানীয়ে বহু পৰিয়ালৰ লগতে অসংখ্য ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথি, বহী, বিদ্যালয় বেগ আৰু অন্যান্য শিক্ষা-সামগ্ৰী নষ্ট কৰি পেলোৱাত তেওঁলোকৰ শিক্ষা অব্যাহত ৰখাটো এক কঠিন প্ৰত্যাহ্বান হৈ পৰিছে। সেই বাস্তৱতাক উপলব্ধি কৰিয়েই দৰং জিলা সাহিত্য সভাই এই ব্যতিক্ৰমী উদ্যোগ গ্ৰহণ কৰে।
সাহিত্যিক সংগঠন হিচাপে কেৱল ভাষা-সাহিত্যৰ চৰ্চাতে সীমাবদ্ধ নাথাকি সমাজৰ দুখ-দুৰ্দশাৰ সময়ত মানৱতাৰ কাষত থিয় দিয়াই নিজৰ নৈতিক দায়িত্ব বুলি দৰং জিলা সাহিত্য সভাই পুনৰ এবাৰ প্ৰতিপন্ন কৰিছে। এই কাৰ্যসূচীয়ে সমাজৰ বিভিন্ন স্তৰৰ মানুহক একেলগে আগুৱাই আহিবলৈ উদ্বুদ্ধ কৰাৰ লগতে সামূহিক সহযোগিতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।
দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ ৰাজবংশীয়ে এই সাহায্য অভিযান সফল কৰি তোলাত সহযোগ আগবঢ়োৱা জিলাখনৰ সকলো শাখা সাহিত্য সভা, দাতা, শুভানুধ্যায়ী আৰু সমাজৰ সচেতন নাগৰিকসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, “দুৰ্যোগৰ সময়ত মানুহৰ কাষত থিয় দিয়াই সাহিত্যিক সমাজৰ এক মহান দায়িত্ব। এই সহায় হয়তো ক্ষতিৰ তুলনাত সৰু, কিন্তু ইয়াৰ মাজেৰে বানাক্ৰান্ত শিক্ষাৰ্থীসকললৈ সহমৰ্মিতা, সাহস আৰু নতুন আশাৰ বাৰ্তা কঢ়িয়াই নিয়া হৈছে।” তেওঁ লগতে কয় যে, দৰং জিলা সাহিত্য সভাই ভৱিষ্যতেও সমাজমুখী, শিক্ষামুখী আৰু মানৱকল্যাণমূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি ভাষা-সাহিত্যৰ লগতে সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতো নিজৰ ভূমিকা অব্যাহত ৰাখিব।

