কৃষি বিজ্ঞান কেন্দ্ৰ,নলবাৰী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত নলবাৰীৰ শতাধিক কৃষকক বীজ আৰু ৰোপন সামগ্ৰী বিতৰণ কৰা হয়।কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ সভাগৃহত কৃষি বিশেষজ্ঞ হোমেশ্বৰ মজুমদাৰে আঁতধৰা অনুষ্ঠানটোত আদৰণি বক্তব্য প্ৰদান কৰে কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত মুৰব্বী অম্বিকাচৰণ শৰ্মাই।
উক্ত অনুষ্ঠানটোত কৃষি সম্প্ৰসাৰণ সঞ্চালকালয়ৰ সঞ্চালকৰ প্ৰতিনিধি ড৹ ভৃগু কুমাৰ নেওঁগ, ষ্টেট বেংক অৱ ইণ্ডিয়া, নলবাৰীৰ মুখ্য প্ৰৱন্ধক জুৱেল পুৰকায়স্থ, লখোপুৰৰ উদ্যান শস্য মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ড৹ মৃদুল কুমাৰ ডেকা,নলবাৰী জিলা কৃষি বিষয়া দিবাকৰ ডেকা,নলবাৰী জিলা কৃষক মৰ্চাৰ সভাপতি ভ্ৰমৰ মজুমদাৰ,উপ সভাপতি দিপুল বৰ্মন,কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ পশু বিশেষজ্ঞ নীলোৎপল দাস,মৎস বিশেষজ্ঞ অংকুৰ ৰাজবংশী,সামূহিক বিজ্ঞান বিষয়া নাছিমা ফাৰহানা,ভূমি বিজ্ঞান বিশেষজ্ঞ ভূপেন কুমাৰ বৈশ্য,জেষ্ঠ সাংবাদিক বীৰেন কলিতাকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি।

