নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

বানপীড়িত জিলাৰ বিদ্যালয়সমূহক সাহায্য বিতৰণ।

শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ বিদ্যালয়লৈ সাহায্য।

বানত ক্ষতিগ্ৰস্ত হৈছিল ৭৯৩খন বিদ্যালয়।

একাদশ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে মাহেকত পাব ৮০০ টকা।

স্নাতক বৰ্ষৰ ছাত্ৰীয়ে প্ৰতিমাহে পাব ১২৫০ টকাকৈ।

স্নাতকোত্তৰ ছাত্ৰীসকলে প্ৰতিমাহে পাব ২৫০০ টকা।

নিযুত বাবুৰ স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰই প্ৰতি মাহে পাব ১ হাজাৰ টকা

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰই প্ৰতিমাহে লাভ কৰিব ২ হাজাৰকৈ টকা।

আনহাতে বানপানীয় ক্ষতি কৰা ৭৯৩ খন শিক্ষানুষ্ঠানলৈ ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰিব চৰকাৰে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে চাকৰিৰ নামত এতিয়া দুৰ্নীতি নহয়, অহা ৫ বছৰতো দুৰ্নীতি হ’বলৈ নিদিও।

Related Articles