শেহতীয়াকৈ নৃত্যশিল্পী তথা অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে লণ্ডনৰ ৰাজপথত অসমৰ বানপীড়িতসকলৰ বাবে নৃত্য প্ৰদৰ্শন কৰি আৰ্থিক সাহায্য সংগ্ৰহ কৰাক লৈ ছ’চিয়েল মিডিয়াত এক তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। একাংশই ইয়াক “ব্ৰিটিছৰ ওচৰত ভিক্ষা খোজা” বুলি আখ্যা দি সমালোচনাৰ বন্যা বোৱাইছে। কিন্তু বাস্তৱিকতে এই সমালোচনা কেৱল ভুল ধাৰণাই নহয়, বৰঞ্চ আমাৰ সমাজৰ এক শ্ৰেণীৰ মানুহৰ বৈশ্বিক জ্ঞানৰ অভাৱ আৰু মানসিক দৈন্যতাৰ এক জীৱন্ত উদাহৰণ।
প্ৰথমতে, আমি বুজিব লাগিব যে পশ্চিমীয়া উন্নত দেশসমূহত কোনো মহান উদ্দেশ্য বা মানৱীয় সংকটৰ বাবে ৰাজপথত নিজৰ কলা প্ৰদৰ্শন কৰি দান সংগ্ৰহ কৰাটো এক অত্যন্ত প্ৰচলিত আৰু সন্মানীয় ব্যৱস্থা। ইয়াক বিশ্বব্যাপী ‘ষ্ট্ৰীট ফাণ্ডৰেইজিং’ বা ‘বাস্কিং ফৰ ক’জ’ বুলি কোৱা হয়। বিশ্বৰ ডাঙৰ ডাঙৰ চেলেব্ৰিটী, সংগীতজ্ঞ আৰু সমাজকৰ্মীয়ে এই পদ্ধতিৰে লাখ লাখ টকা সমাজ কল্যাণৰ বাবে সংগ্ৰহ কৰে। মেঘৰঞ্জনী মেধিয়ে নিজৰ শিল্পকলাক মাধ্যম হিচাপে ব্যৱহাৰ কৰি কোনো ব্যক্তিগত লাভৰ বাবে নহয়, বৰঞ্চ নিজৰ দুৰ্ভগীয়া মাতৃভূমিৰ বানাক্ৰান্ত ৰাইজৰ বাবেহে ৰাজপথলৈ ওলাই আহিছে। ইয়াক ‘ভিক্ষা’ বুলি অপমান কৰাটো এগৰাকী নিষ্ঠাৱান শিল্পী আৰু তেওঁৰ সদিচ্ছাক চৰম ভেঙুচালি কৰা বাদে আন একো নহয়।
দ্বিতীয়তে, আজিৰ যুগটো হৈছে বিশ্বায়ন আৰু প্ৰযুক্তিৰ যুগ। ছ’চিয়েল মিডিয়া আৰু মোবাইল বিপ্লৱৰ বাবে সমগ্ৰ পৃথিৱীখন এতিয়া এখন গোলকীয় গাঁৱলৈ ৰূপান্তৰিত হৈছে। অসমৰ বান পৰিস্থিতি আজি বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহে নিজৰ মোবাইলৰ স্ক্ৰীনত দেখিবলৈ পাইছে। এনে এক গোলকীয় প্ৰেক্ষাপটত, মেঘৰঞ্জনী মেধিয়ে বিদেশৰ মাটিত থাকিও অসমৰ জলন্ত সমস্যাক বিশ্ববাসীৰ সন্মুখলৈ লৈ গৈছে। তেওঁ কেৱল ফাণ্ড তুলি থকা নাই, বৰঞ্চ তেওঁৰ নৃত্যৰ জৰিয়তে লণ্ডনৰ নাগৰিকসকলক অসমৰ বানৰ বিভীষিকাৰ বিষয়ে সজাগো কৰি তুলিছে। ই এক অতি শক্তিশালী আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ কাৰ্য। কাৰণ দুৰ্ভাগ্যৰ কথা যে বহু চৰকাৰ আহিল বহু চৰকাৰ গ’ল কিন্তু অসমৰ বান সমস্যাক “ৰাষ্ট্ৰীয় সমস্যা” হিচাপে ঘোষণা কৰা নহ’ল। এতিয়াও হোৱা নাই।
অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে সদায় এটা কথা কৈছিল— “সমালোচনা কৰক, কিন্তু সেই সমালোচনা ইতিবাচক আৰু গঠনমূলক হ’ব লাগে।” কাৰোবাৰ ভাল কাম এটাক ভৰি টানি ধৰাটো আমাৰ সমাজৰ এক পুৰণি ব্যাধি। আমি অসমৰ ভিতৰত থাকি ছ’চিয়েল মিডিয়াত বহি কেৱল মন্তব্য কৰাটো সহজ, কিন্তু বিদেশৰ মাটিত অচিনাকী মানুহৰ মাজত থিয় হৈ নিজৰ সংস্কৃতিৰ জৰিয়তে জন্মভূমিৰ বাবে অৰ্থ সংগ্ৰহ কৰিবলৈ বুকুত এক বিশাল সাহস আৰু দেশপ্ৰেমৰ প্ৰয়োজন হয়।
মানৱতাৰ কোনো ভৌগোলিক সীমা নাথাকে। ব্ৰিটিছে আমাক শাসন কৰিছিল বাবেই আজি বিপৰ্যয়ৰ সময়ত লণ্ডনৰ কোনো উদাৰ নাগৰিকে আগবঢ়োৱা দানক লৈ ৰাজনীতি কৰাটো একপ্ৰকাৰ মূৰ্খামি। বানাক্ৰান্ত মানুহ এজনৰ বাবে সাহায্যটোৱেই আটাইতকৈ ডাঙৰ কথা, সেই পইচা ক’ৰ পৰা আহিছে সেয়া গুৰুত্বপূৰ্ণ নহয়। মেঘৰঞ্জনী মেধিয়ে যি সাহস আৰু সদিচ্ছা দেখুৱালে, তাৰ বাবে তেওঁক সমালোচনা কৰাৰ পৰিৱৰ্তে আমি প্ৰতিজন অসমীয়াই তেওঁক ধন্যবাদ জনোৱা উচিত আৰু তেওঁৰ এই ইতিবাচক পদক্ষেপক বুকুত সাবটি লোৱা উচিত। তেতিয়াহে আমাৰ সমাজখন আগবাঢ়িব।
দুটামান উদাহৰণ দিওঁ।
১. We Are the World’ (১৯৮৫) অভিযান: ই আছিল বিশ্ব ইতিহাসৰ আটাইতকৈ ডাঙৰ মানৱীয় সংগীত সংগ্ৰাম। মাইকেল জেকচন , লিয়োনেল ৰিচি, ডায়ানা ৰছ আৰু ব্ৰুচ স্প্ৰীংষ্টিন আদিকে ধৰি বিশ্বৰ প্ৰায় ৫০ গৰাকী বিখ্যাত শিল্পীয়ে একেলগে গীত গাই আফ্ৰিকাৰ দুৰ্ভিক্ষৰ বাবে ১০০ মিলিয়নতকৈও অধিক ধন সংগ্ৰহ কৰিছিল।
২. বব গেলডফ: এইগৰাকী আইৰিছ গায়ক আৰু সুৰকাৰক বিশ্বজুৰি দান-বৰঙণি আৰু মানৱীয় সংকট দূৰ কৰাৰ এক গোলকীয় প্ৰতীক বুলি গণ্য কৰা হয়।
১৯৮৩-১৯৮৫ চনত যেতিয়া আফ্ৰিকাৰ ইথিওপিয়াত ভয়ংকৰ দুৰ্ভিক্ষই দেখা দিছিল, তেতিয়া তেওঁ বিখ্যাত ‘Band Aid’ আৰু পৰৱৰ্তী সময়ত ‘Live Aid’ নামৰ এক বিশ্বজোৰা সংগীত প্ৰয়াস আৰম্ভ কৰিছিল। তেওঁ বিশ্বৰ আটাইতকৈ ডাঙৰ শিল্পীসকলক একগোট কৰি গীত গাই সেই সময়ত আফ্ৰিকাৰ বাবে প্ৰায় ১০০ মিলিয়ন ডলাৰ সাহায্য সংগ্ৰহ কৰিছিল।
৩. ব্ৰুচ স্প্ৰীংষ্টিন: আমেৰিকাৰ এইগৰাকী কিংবদন্তী ৰক তাৰকা ‘দ্য বছ’ (The Boss) নামেৰে জনাজাত।
১৯৮৮ চনত ক’পেনহেগেনৰ ৰাজপথত তেওঁ হঠাতে থিয় হৈ নিজৰ বিখ্যাত গান ‘I’m On Fire’ আৰু ‘Dancing In The Dark’ গাইছিল। ইয়াৰ উপৰিও তেওঁ প্ৰাকৃতিক দুৰ্যোগত সৰ্বস্ব হেৰুওৱা লোকসকলৰ বাবে গুপুতভাৱে বহু ‘ষ্ট্ৰীট ফাণ্ডৰেইজিং’ কৰি দান আগবঢ়াই আহিছে।
মেঘৰঞ্জনী মেধিয়ে লণ্ডনৰ ৰাজপথত ড° ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” গীতটো গাই যি প্ৰয়াস কৰিছে, সেয়া বিশ্বৰ সংগীত আৰু কলা ইতিহাসৰ এক অতি সন্মানীয় পৰম্পৰা। বিশ্বৰ ডাঙৰ ডাঙৰ তাৰকাই যিটো কাম কৰি গৌৰৱবোধ কৰে, তাক লৈ অসমত বিতৰ্ক হোৱাটো কেৱল আমাৰ অজ্ঞতাহে প্ৰকাশ কৰে।

