থাইলেণ্ডৰ পাটায়াৰ ইন্টাৰনেছনেল স্পৰ্টছ ট্ৰেনিং চেণ্টাৰত জুলাইৰ ৩১ পৰা ১ আগষ্ট লৈ অনুষ্ঠিত নৱম সংখ্যক হিৰ’জ টাইকোৱানডো ইন্টাৰনেছনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ভাৰতীয় দলৰ হৈ অসমৰ ধানী মহন্তই ৰূপৰ পদক অৰ্জন কৰি সমগ্ৰ ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
ক্ৰীড়া ক্ষেত্ৰৰ লগতে নৃত্য গীত আদিত বহু প্ৰতিভাৰে প্ৰতিভাশীল ধানী মহন্তৰ এই কৃতিত্বত গুৱাহাটী ঘোঁৰামাৰাৰ উপৰিও মাতৃৰ গৃহভূমি উত্তৰ গুৱাহাটীৰ লগতে পিতৃৰ গৃহভূমি কেন্দুকোনাতো শুভাকাংক্ষী সকল উৎফুল্লিত হৈ পৰে।
দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈ দলটোৰ সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী ধানী মহন্ত গুৱাহাটী ঘোঁৰামাৰা নিবাসী পিতৃ কমলেশ্বৰ মহন্ত মাতৃ মেঘালী মহন্তৰ জীয়ৰী। অসমৰ উদিয়মান টাইকোৱানডো খৈলুৱৈ সকলৰ বাবে ধানী মহন্তৰ এই কৃতিত্বই আশাৰ ৰেঙনি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোত অসমৰ কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মূঠ ৩৮ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰি সোণৰ ৭টা, ছিলভাৰ ১৪টা আৰু ব্ৰুঞ্জৰ ১৪ টা মেডেলেৰে মূঠ ৩৫ টা পদক অৰ্জন কৰি দেশৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। ৩৮ গৰাকী টাইকোৱানডো ইন্টাৰনেছনেল খেলুৱৈ দলটোৰ প্ৰশিক্ষক হিচাপে আছিল বিষ্ণু এমব্ৰুছ বড়া।

