শেহতীয়া প্ৰলয়ংকাৰী বানত ক্ষতিগ্রস্ত ৰাইজৰ কাষত থিয় দি অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ বিষয়া সন্থা আৰু কৰ্মচাৰী সন্থাই আজি শিৱসাগৰ জিলাৰ বানপীড়িত পৰিয়ালসমূহৰ মাজত জৰুৰী সাহায্য সামগ্ৰী বিতৰণ কৰে।
শিৱসাগৰৰ বেতবাৰী গাঁৱত অনুষ্ঠিত এই সাহায্য বিতৰণ কাৰ্যসূচীত বানৰ ফলত বিপৰ্যস্ত ৩০ টা পৰিয়ালক আৱশ্যকীয় ঘৰুৱা সামগ্ৰী যোগান ধৰা হয়। বানত সৰ্বশ্ৰান্ত হৈ পৰা পৰিয়ালসমূহৰ সাময়িক সকাহ আৰু ব্যৱহাৰৰ বাবে লোকসকলৰ মাজত বিচনা, তুলি, গাৰু, আঠুৱা, পানীৰ ফিল্টাৰ আদি প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হয়।

জনসংযোগৰ জ্যেষ্ঠ তথ্য বিষয়া তথা বিষয়া সন্থাৰ সাধাৰণ সম্পাদক ইফতিকাৰ জামান, কাৰ্যকৰী সদস্য স্বাক্ষৰ ডেকা আৰু জয়ন্ত মাউতৰ নেতৃত্বত যোৱা দলটোত কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। চৰকাৰী দায়িত্ব পালনৰ উপৰিও বিপদে-আপদে ৰাইজৰ কাষত থিয় দিয়াটো সামাজিক কৰ্তব্য বুলি উল্লেখ কৰি দলটোৱে বানপীড়িত লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে।

এই সাহায্য অভিযান সফলতাৰে ৰূপায়ণ কৰাৰ বাবে দান- বৰঙণি আগবঢ়োৱা বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীৰ লগতে কেইবাজনো অৱসৰপ্ৰাপ্ত বিষয়াকো উদ্যোক্তাসকলে আন্তৰিক ধন্যবাদ জনায়।
আশাপ্ৰদ আৰু সময়োপযোগী এই সাহায্য আগবঢ়োৱাৰ বাবে বেতবাৰী গাঁৱৰ স্থানীয় ৰাইজ তথা বয়োজ্যেষ্ঠসকলে জনসংযোগ পৰিয়াললৈ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

