Kaziranga National Park: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ’ব ম’বাইল ফোন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ’ব ম’বাইল ফোন।(Kaziranga National Park)

ম’বাইল ফোন লৈ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব নোৱাৰিব পৰ্যটকে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ম’বাইল ফোন নিষিদ্ধ কৰাৰ সিদ্ধান্ত।

ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি হ’ব ছাফাৰীৰ নিৰিখ৷

প্ৰায় ১২ বছৰৰ পাছত কাজিৰঙাত নিৰিখ বৃদ্ধিৰ সিদ্ধান্ত।

বৃদ্ধি হ’ব হাতী আৰু জীপ ছাফাৰীৰ নিৰিখ।

কাজিৰঙাৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ ভিৰ বেছি।

ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিৱেশ তন্ত্ৰৰ বাবে এনে ভিৰ প্ৰতিকুল।

চাৰিওটা বনাঞ্চলতে পৰ্যটকৰ সমবিতৰণ ব্যৱস্থা কৰিব কৰ্তৃপক্ষই।

কাজিৰঙাত তৰান্বিত কৰা হ’ব অনলাইন বুকিং ব্যৱস্থা।

পৰ্যটকে ছাফাৰীৰ বাবে আগতীয়া অনলাইন বুকিং কৰিব লাগিব৷

কাজিৰঙাত পৰ্যালোচনা সভাৰ অন্তত এই ঘোষণা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।

Related Articles