নাজিৰাত কৰুণ ঘটনা।
বান বিভীষিকাৰ মাজতে নাজিৰাত সংঘটিত আন এক হৃদয়বিদাৰক ঘটনা।
একে পৰিয়ালৰ দুজন মৃত্যু।
ডিব্ৰুগড় ডিকমত ডাম্পাৰৰ খুন্দাত মৃত্যু নাজিৰা লিগিৰীপুখুৰীৰ ধীৰেন গগৈ নামৰ ৩২ বছৰীয়া যুৱকৰ।
পুত্ৰৰ মৃত শৰীৰ চোতাল পোৱাৰ লগে লগে শোকত ভাগি পৰি প্ৰাণ ত্যাগ কৰিলে মাতৃ ৰূপা গগৈয়েও (৫২)।
আজি স্থানীয় ৰাইজে মাতৃ-পুত্ৰৰ দুখন চিতাত সৎকাৰ কৰে।
ঘটনাক লৈ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত।

