অস্তিত্বৰ সংকটত ঐতিহাসিক দৰিকাৰ শিলৰসাঁকোঃ আমাৰ ঐতিহ্যৰ সুৰক্ষা আৰু পুৰাতত্ত্ব বিভাগৰ ভূমিকা

অসমৰ গৌৰৱোজ্জ্বল বুৰঞ্জীৰ অন্যতম নীৰৱ সাক্ষী, আহোম স্বৰ্গদেউসকলৰ দিনৰ স্থাপত্যকলাৰ অনুপম নিদৰ্শন শিৱসাগৰ দৰিকা নদীৰ ওপৰত থকা ঐতিহাসিক শিলৰসাঁকোখন বৰ্তমান তীব্ৰ অস্তিত্বৰ সংকটত পৰিছে। শেহতীয়াকৈ অহা সংহাৰী বানৰ কৱলত পৰি এই ৰজাদিনীয়া কীৰ্তিচিহ্নটো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। জানিব পৰা মতে, বানে ঐতিহ্যমণ্ডিত সাঁকোখনৰ এটা মূল স্তম্ভ খহাই পেলোৱাৰ উপৰি ইয়াৰ কেইবাটাও অংশত গভীৰ ফাট মেলিছে। নদীৰ প্ৰবল সোঁতে সমগ্ৰ গাঁথনিটোকে এতিয়া ধ্বংসৰ দিশলৈ ঠেলি দিছে, যাৰ ফলত এই অমূল্য ঐতিহাসিক সম্পদ চিৰদিনৰ বাবে হেৰাই যোৱাৰ উপক্ৰম ঘটিছে।

আহোম যুগৰ উন্নত অভিযান্ত্ৰিক কৌশলৰ পৰিচায়ক এই দৰিকাৰ শিলৰসাঁকো কেৱল এটা যাতায়াতৰ মাধ্যম নাছিল, বৰঞ্চ ই আছিল আমাৰ পূৰ্বপুৰুষৰ মেধা আৰু সংস্কৃতিৰ এক জীৱন্ত দলিল। অসমৰ গড়কাপ্তানি পথ, দলং বা অন্যান্য আধুনিক নিৰ্মাণ কাৰ্য সামান্য বানতে উটি যোৱাৰ সময়ত, শতিকা জুৰি অক্ষত অৱস্থাত থকা এই শিলৰসাঁকোৱে আমাৰ পূৰ্বৰ থলুৱা প্ৰযুক্তিৰ শ্ৰেষ্ঠতাকে প্ৰমাণ কৰি আহিছে। কিন্তু প্ৰকৃতিৰ পৰিৱৰ্তনশীল ৰূপ আৰু দীৰ্ঘদিনীয়া চৰকাৰী অৱহেলাই এই ঐতিহ্যক আজি ধ্বংসৰ গৰাহলৈ লৈ গৈছে।

এই ক্ষেত্ৰত ৰাজ্যৰ পুৰাতত্ত্ব বিভাগৰ ভূমিকা আৰু দায়িত্ব আটাইতকৈ গুৰুত্বপূৰ্ণ। পৰিতাপৰ বিষয় যে, এনে এক সংবেদনশীল পুৰাতাত্ত্বিক সমলক বানৰ দৰে প্ৰাকৃতিক দুর্যোগৰ পৰা সুৰক্ষিত কৰিবলৈ বিভাগৰ তৰফৰ পৰা কোনো আগতীয়া বা স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল। দুৰ্যোগৰ পিছতো বিভাগীয় তৎপৰতা যেনেকুৱা হ’ব লাগিছিল, সি এতিয়াও আশাপ্ৰদ হৈ উঠা নাই। কোনো একটা ঐতিহ্য ধ্বংস হোৱাৰ পিছত তাৰ ভগ্নাৱশেষক লৈ আক্ষেপ কৰাতকৈ, সময় থাকোতেই তাক সংৰক্ষণ কৰাটোৱে পুৰাতত্ত্ব বিভাগৰ প্ৰধান কৰ্তব্য হোৱা উচিত।

কেৱল চৰকাৰ বা পুৰাতত্ত্ব বিভাগকে দোষাৰোপ কৰিলে আমাৰ দায়িত্ব শেষ নহয়; স্থানীয় ৰাইজ আৰু সচেতন সমাজো এই ক্ষেত্ৰত সজাগ হ’ব লাগিব। দৰিকাৰ শিলৰসাঁকো কেৱল শিৱসাগৰৰে নহয়, সমগ্ৰ অসমৰে জাতীয় সম্পদ। বৰ্তমানৰ এই জৰুৰী পৰিস্থিতিত পুৰাতত্ত্ব বিভাগ আৰু জলসম্পদ বিভাগে যুটীয়াভাৱে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি সাঁকোখনৰ জৰুৰী মেৰামতি কৰাৰ লগতে নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰাটো নিতান্তই প্ৰয়োজনীয়। আমাৰ ঐতিহ্যক যদি আমি আজি ধৰি ৰাখিব নোৱাৰো, তেন্তে ভৱিষ্যত প্ৰজন্মই আমাক কেতিয়াও ক্ষমা নকৰিব। চৰকাৰে এইক্ষেত্ৰত যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা ল’ব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।

সামাজিক মানসিকতা আৰু স্ব-বিৰোধিতা:

১. অনাৱশ্যকীয় বিতৰ্কত আৱেগ: মেঘৰঞ্জনীৰ নৃত্য বা কোনো শিল্পীৰ সাজ-পোছাকক লৈ ছ’চিয়েল মিডিয়াত বহল চৰ্চা হয়, “অসমীয়া সংস্কৃতি নষ্ট হ’ল” বুলি হুলস্থুল লগোৱা হয় আৰু বহুতেই নিজৰ সংস্কৃতিৰ “নাক” বচাবলৈ আগবাঢ়ি আহে।

২. প্ৰকৃত ঐতিহ্যৰ মৃত্যুত আমাৰ নীৰৱতা: কিন্তু যেতিয়া জাতিৰ প্ৰকৃত ভেটি, ককা-আজোককাৰ দিনৰ এই শিলসাঁকোবোৰ সংৰক্ষণৰ অভাৱত ধ্বংসৰ গৰাহত পৰে, তেতিয়া সেইসকল “নাকদীঘল” অসমীয়াৰ কোনো মাত-বোল নোলোৱা হয়। ইতিহাস ধ্বংস হ’লে যে জাতিটোৰ অস্তিত্বৰে “নাকটো” কটা যায়, সেই চেতনা যেন আজিৰ সমাজৰ হেৰাই গৈছে।ভেটি, ককা-আজোককাৰ দিনৰ এই শিলসাঁকোবোৰ সংৰক্ষণৰ অভাৱত ধ্বংসৰ গৰাহত পৰে, তেতিয়া সেইসকল “নাকদীঘল” অসমীয়াৰ কোনো মাত-বোল নোলোৱা হয়। ইতিহাস ধ্বংস হ’লে যে জাতিটোৰ অস্তিত্বৰে “নাকটো” কটা যায়, সেই চেতনা যেন আজিৰ সমাজৰ হেৰাই গৈছে।

    আহোম যুগৰ কীৰ্তিচিহ্নসমূহৰ ভৱিষ্যত সুৰক্ষিত হ’বনে?

    দৰিকাৰ এই ঘটনাই এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন থিয় কৰাইছে— আমাৰ বাকী থকা কৃতিচিহ্নসমূহ সুৰক্ষিত হ’বনে? যদিহে এতিয়াও পুৰাতত্ত্ব বিভাগ আৰু অসম চৰকাৰে সাৰ নাপায়, তেন্তে নামদাং শিলৰ সাঁকো বা চৰাইদেউৰ মৈদামৰ দৰে স্থানসমূহো ভৱিষ্যতে বিপন্ন হৈ পৰিব পাৰে।

    Related Articles