উজনি অসমত বিধংসী বানে জৰ্জৰিত কৰাৰ পিছত সমগ্ৰ অসমৰ লগতে দেশ-বিদেশৰ অগণন লোকে দুৰভোগীয়া বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াইছে।

এইবেলি ১০৮ GVK EMRI GREEN HEALTH SERVICESৰ কৰ্মচাৰী থিয় দিছে বানাক্ৰান্তৰ কাষত, প্ৰায় ১৫০ জন পৰিয়াললৈ দহ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ উপৰিও বিভিন্ন ধৰণৰ অন্যান্য লাগতিয়াল সামগ্ৰী বিতৰণ কৰে।

ইয়াৰ উপৰিও কৰ্মচাৰী সকলে বানে বিধংস কৰা বিভিন্ন ঠাইৰ পৰিদৰ্শন কৰাৰ উপৰিও আগলৈ আৰু বানাক্ৰান্ত ৰাইজক যিকোনো ধৰণৰ সহায়- সহযোগিতা আগবঢ়াৱ বুলি আশ্বাস দিয়ে।

