বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰা ৭২ ইউটিউবাৰৰ ওপৰত চৰকাৰৰ তীক্ষ্ণ নজৰ
ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু উজনি অসমৰ চাৰিখন জিলাত সৃষ্টি হোৱা জলপ্লাৱনৰ বুজ লৈ লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত লোকসকলৰ সহায়ৰ নামত নিজাববীয়াকৈ ধন-অনুদান সংগ্ৰহ কৰা ইউটিউবাৰসকলক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰা ৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে। অনলাইন আৰু ৰাজহুৱাভাৱে সংগ্ৰহ কৰা এই ধন প্ৰকৃততে বানপীড়িত তথা দুৰ্দশাগ্ৰস্ত লোকসকলৰ ওচৰলৈ গৈছে নে নাই, সেই বিষয়টো চৰকাৰে পৰ্যবেক্ষণ কৰিব বুলি তেওঁ উল্লেখ কৰে।
সংগৃহীত অনুদান বানাক্ৰান্ত অঞ্চলসমূহত সঠিকভাৱে ব্যৱহাৰ হৈছে নে নাই, সেই বিষয়টো চৰকাৰে পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব। বানৰ অচিলা লৈ যাতে কোনো ধৰণৰ বিত্তীয় অনিয়ম সংঘটিত নহয়, তাৰ বাবে এই তদাৰকী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে।
অৱশ্যে, চৰকাৰৰ উদ্দেশ্য কোনো ইউটিউবাৰক নিৰ্যাতন কৰা নহয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে যিসকল ইউটিউবাৰে নিষ্ঠাৰে বানপীড়িত লোকসকলৰ সহায়ৰ বাবে কাম কৰিছে আৰু সংগৃহীত পুঁজি প্ৰকৃত আৰ্তজনৰ ওচৰলৈ প্ৰেৰণ কৰিছে, তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ’ব।
বান সাহায্যৰ নামত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ লগতে সাহায্যৰ ধন যাতে সঠিক লোকৰ ওচৰলৈ যায়, সেই লক্ষ্যৰে ৰাজ্য চৰকাৰে এই বিশেষ তদাৰকী ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে।

