অসমৰ বানপীড়িতৰ কাষত ভূটানৰ ৰজা, উদ্ধাৰ আৰু পুনৰ্নিৰ্মাণত সহায়ৰ আশ্বাস
অসমৰ ভয়াৱহ বান পৰিস্থিতিত ৰাজ্যবাসীৰ প্ৰতি সংহতি প্ৰকাশ কৰিছে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে। ৰাজ্যখনৰ বানত এই পৰ্যন্ত ১০৩জন লোকৰ মৃত্যু হোৱাৰ সময়তে ভূটানৰ ৰজাগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে অসমৰ বানপীড়িত লোকসকলৰ উদ্ধাৰ, পুনৰ্নিৰ্মাণ আৰু পুনৰুদ্ধাৰ প্ৰচেষ্টাত ভূটানৰ পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছে।

৩ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এখন পত্ৰত ভূটানৰ ৰজাই বানত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। বানৰ ফলত পৰিয়াল আৰু বাসগৃহ হেৰুৱাবলগীয়া হোৱা লোকসকলৰ প্ৰতিও ভূটানৰ জনসাধাৰণৰ হৈ তেওঁ সহমৰ্মিতা প্ৰকাশ কৰে।
পত্ৰখনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে উল্লেখ কৰে যে, অসম আৰু সমগ্ৰ অঞ্চলটো জলবায়ু পৰিৱৰ্তনৰ ফলত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি অধিক সংবেদনশীল হৈ পৰিছে। বান আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ তীব্ৰতা আৰু সঘনতা বৃদ্ধিয়ে অঞ্চলটোৰ দেশসমূহৰ বাবে নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা এনে প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ অঞ্চলটোৰ দেশসমূহে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো ভূটানৰ ৰজাই গুৰুত্ব আৰোপ কৰে। তেওঁৰ মতে, পৰিৱৰ্তিত বিশ্ব জলবায়ুৰ পৰিস্থিতিয়ে সকলোকে উমৈহতীয়া প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছে আৰু এনে সময়ত পাৰস্পৰিক সহযোগিতা অধিক গুৰুত্বপূৰ্ণ।
বান পৰিস্থিতিৰ সময়ত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰো প্ৰশংসা কৰে ভূটানৰ ৰজাই। বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মাজতো ৰাজ্যখনৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ দৃঢ়তা আৰু সংকল্প প্ৰশংসনীয় বুলি তেওঁ উল্লেখ কৰে।
অসমৰ বানপীড়িত জনসাধাৰণৰ প্ৰতি ভূটান ‘সম্পূৰ্ণ সংহতি’ৰ সৈতে থিয় দিছে বুলি পত্ৰখনত উল্লেখ কৰি ৱাংচুকে উদ্ধাৰ, পুনৰ্নিৰ্মাণ আৰু পুনৰুদ্ধাৰৰ কামত অসমৰ প্ৰতি ভূটানৰ আন্তৰিক সমৰ্থন আৰু বন্ধুত্বৰ আশ্বাস দিয়ে।
ভূটানৰ ৰজাৰ এই সমবেদনা আৰু সহায়ৰ আশ্বাসে বানৰ দৰে সংকটৰ সময়ত অসম আৰু ভূটানৰ মাজত থকা পাৰস্পৰিক বন্ধুত্ব আৰু আঞ্চলিক সহযোগিতাৰ গুৰুত্বক পুনৰ উজলাই তুলিছে।

