হোজাই জিলা আয়ুক্ত সঞ্জয় দত্তৰ ফৰমাৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শনঃ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময়, শ্ৰেণীকোঠাত অংশ ল’লে পাঠদানত

হোজাই জিলাৰ জিলা আয়ুক্ত সঞ্জয় দত্তই আজি ফৰমাৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ, ছাত্ৰ-ছাত্ৰীৰ সুবিধা আৰু শিক্ষাদান প্ৰক্ৰিয়াৰ বুজ লয়।পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়ৰ বিভিন্ন দিশ পৰিদৰ্শন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক আন্তৰিক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।এই সময়ছোৱাত তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনা, বিদ্যালয়ৰ অভিজ্ঞতা, সমস্যাসমূহ আৰু ভৱিষ্যতৰ লক্ষ্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰে।

ইয়াৰ লগতে জিলা আয়ুক্ত সঞ্জয় দত্তই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিদ্যালয়ৰ ইউনিফৰ্ম বিতৰণ কৰে।তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিয়মিত অধ্যয়ন, শৃংখলাবদ্ধ জীৱন-যাপন আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ লক্ষ্যত উপনীত হ’বলৈ উৎসাহিত কৰে।উল্লেখযোগ্য যে, জিলা আয়ুক্তগৰাকীয়ে কেৱল পৰিদৰ্শন কৰিয়েই ক্ষান্ত নাথাকি বিদ্যালয়ৰ বিভিন্ন শ্ৰেণীকোঠাত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে পাঠদানতো অংশগ্ৰহণ কৰে।

তেওঁ বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে পোনপটীয়াকৈ জ্ঞান বিনিময় কৰে।এগৰাকী প্ৰশাসনিক বিষয়াই এনেদৰে বিদ্যালয়ৰ শিক্ষাদান প্ৰক্ৰিয়াত পোনপটীয়াকৈ অংশগ্ৰহণ কৰাত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উৎসাহ আৰু আনন্দৰ পৰিৱেশ সৃষ্টি হয়।জিলা আয়ুক্তগৰাকীৰ এই ব্যতিক্ৰমী পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি অধিক আগ্ৰহী কৰাৰ লগতে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা বহন কৰিছে।পৰিদৰ্শনকালত জিলা আয়ুক্তৰ সৈতে অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) শ্ৰীমতী নীতিশা বৰা আৰু বিদ্যালয় পৰিদৰ্শক ৰঞ্জন ডেকা উপস্থিত থাকে।

Related Articles