বৰক্ষেত্ৰীৰ চৰাঞ্চলত চাঞ্চল্যকৰ কাণ্ডঃ হাফিজুৰৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল জহৰ উদ্দিনৰ

দ্বিতীয় বিবাহক কেন্দ্ৰ কৰি বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। অভিযোগ অনুসৰি বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰৰ জহৰ উদ্দিনৰ ভনীয়েক ছাজিৰণ নেচা একে গাঁৱৰে হাফিজুৰ ৰহমানৰ সৈতে তিনি বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু যোৱা দুমাহ মান আগতে হাফিজুৰ ৰহমানে পুনৰ দ্বিতীয় বিবাহ কৰে আৰু তেতিয়াৰে পৰাই প্ৰথমা পত্নী আৰু হাফিজুৰৰ মাজত বাকবিতণ্ড আৰম্ভ হয়।

যাৰ ফলত মঙ্গল বাৰে সন্ধিয়া ৭ মান বজাত ঘটনা পাৰিবাৰিক কন্দলৰ পিছত শহুৰৰ ঘৰৰ পৰা খবৰ লবলৈ যোৱা পত্নীৰ ককায়েক জহৰ উদ্দিনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে ভনী যোৱায়েক তথা হাফিজুৰ ৰহমানে।। ইফালে ঘটনা সংঘটিত হোৱাৰ লগে লগে অতি সংকটজনক অৱস্থাত মুকালমুৱা অসামৰিক চিকিৎসালয়ত জহৰ উদ্দিনক ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইফালে ঘটনাৰ পিছৰে পৰা অভিযুক্ত হাফিজুৰ ৰহমান আৰু তেওঁৰ দ্বিতীয় পত্নী পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে মূল অভিযুক্ত হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।। দ্বিতীয় বিবাহক কেন্দ্ৰ কৰি এনে কৰুণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী মৃতকৰ পৰিয়াল তথা স্থানীয় ৰাইজৰ।

Related Articles