ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে বান দুৰ্গত ৰাইজলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৩ লাখ টকা অনুদান।
উজনি অসমৰ প্ৰলয়ংকাৰী বানে শিৱসাগৰ, চৰাইদেউ, যোৰহাট যি ধ্বংসলিলা চলাই ৰাইজক দিশহাৰা কৰাৰ লগতে বহুলোকৰ প্ৰাণহানি কৰাত অসম তথা বিভিন্ন প্ৰান্তৰৰ এই বান দুৰ্গতসকলক অনুষ্ঠান প্ৰতিস্থানে সহায়ৰ হাত আগবঢ়াইছে।

মাধৱদেৱে প্ৰতিস্থিত ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিয়েও খাদ্য -সামগ্ৰী বাবে বান দুৰ্গত সকলক ৪ লাখ টকাৰে সাহাৰ্য প্ৰদান কৰাৰ পিছত পুনৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ পৰিচালনা সমিতিয়ে অনুদান আগবঢ়ায়। মূখ্যমন্ত্ৰী সাহায্য পুজি লৈ তিনি লাখ টকা পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতা, সম্পাদক দিগন্ত শইকীয়া উপ-সভাপতি নগেন দত্ত,কোষাধ্যক্ষ ৰঞ্জিত বৰুৱা সহিতে বিষয়ববীয়া গৈ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে।

