অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী সমিটিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অষ্টাদশ বাৰ্ষিক ‘ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা’ উপলক্ষে ২০২৬ বৰ্ষৰ সন্মানীয় ‘ভৱেন বৰুৱা বঁটা’ বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীলৈ আগবঢ়োৱা হ’ব। এই কথা আয়োজক সমিতিয়ে এক সংবাদমেলযোগে ঘোষণা কৰে। অসমৰ নাট্য, চলচ্চিত্ৰ আৰু টেলিভিছন জগতলৈ আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতক এই সন্মান প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, ২০০৯ চনৰ পৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰয়াত নাট্যব্যক্তিত্ব ভৱেন বৰুৱাৰ স্মৃতি সজীৱ কৰি ৰখা আৰু শিশু নাট্যচৰ্চাক উৎসাহিত কৰাৰ উদ্দেশ্যে নিয়মীয়াকৈ এই সৰ্বঅসমীয়া শিশু নাট প্ৰতিযোগিতা আয়োজন কৰি আহিছে। ইয়াৰ লগতে প্ৰতিবছৰে অসমৰ নাট্য-সংস্কৃতি জগতলৈ বিশেষ বৰঙণি আগবঢ়োৱা এগৰাকী বিশিষ্ট শিল্পীক ‘ভৱেন বৰুৱা বঁটা’ প্ৰদান কৰা হয়। এইবাৰৰ বঁটাত থাকিব নগদ ১৫ হাজাৰ টকা, মানপত্ৰ, শৰাই, চেলেং তথা অন্যান্য সন্মানসূচক সামগ্ৰী। প্ৰতিযোগিতাৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মলয়া গোস্বামীৰ হাতত এই বঁটা আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ’ব। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অভিনেত্ৰী মলয়া গোস্বামীয়ে অসমীয়া নাটক, চলচ্চিত্ৰ আৰু টেলিভিছন জগতত দীৰ্ঘদিন ধৰি অনবদ্য অৱদান আগবঢ়াই আহিছে।
তেওঁৰ অভিনয় জীৱনে অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। ইফালে, এই ঘোষণাক আদৰি ৰাজ্যৰ নাট্য আৰু সাংস্কৃতিক মহলে সন্তোষ প্ৰকাশ কৰাৰ লগতে আয়োজক সমিতিৰ এই পদক্ষেপক ব্যাপকভাৱে শলাগ লৈছে। প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিশু নাট্যদলে অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে।

